29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

সোণৰ কণী পৰা হাঁহলৈ পৰিণত মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে

Assamese Newsসোণৰ কণী পৰা হাঁহলৈ পৰিণত মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম কৰি থকাৰ মাজতে অনিয়ম-অনীতিয়ে ছানি ধৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ এম. এ. চি.ত। একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু জনপ্ৰতিধিৰ কাৰণে এম এ চিখন সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে। কেৱল আৰু কেৱল নিজৰ মুনাফাৰ অংকত ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰ সৈতে আগতীয়া বন্দবস্তিৰে নিবিদা গ্ৰহণৰ পূৰ্বেই অনৈতিক ভাৱে অবিজ্ঞান সন্মত আঁচনিৰ কাম কৰিবলৈ মৌখিক নিৰ্দেশ দিয়ে একাংশ পৰিষদৰ সাধাৰণ সদস্য চমুকৈ জি.এম. আৰু কাৰ্যবাহী সদস্য( ই.এম.) এ।পৰৱৰ্তী সময়ত মৌখিক নিৰ্দেশত ইতিমধ্যে কৰা কামৰ পৰিমাণতকৈ বহুগুণ বেছি টকাৰ আবণ্টন দি লাখ লাখ টকা আত্মসাত কৰে।শেহতীয়াকৈ এনে দৰে আঁচনি ৰূপায়ণৰ নামত চৰকাৰী ধন আত্মসাতৰ ঘটনা পোহাৰলৈ আহিছে।এম এ চিৰ ২৮ নং  ধনশিৰি দিচৈ আৰু ২৯ নং গেলাবিল সমষ্টিত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

পূৰ্বৰ দৰে এইবাৰো বোকাখাত মহকুমাৰ অন্তৰ্গত তথা এম এ চিৰ ২৮ নং  ধনশিৰি দিচৈ সমষ্টিৰ ৰহিতা-কেমেৰি, ৰিৰি-এলেংমাৰী আৰু ধনশিৰি হাঁহচৰাত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ৬০ লাখ টকা আত্মসাত কৰাৰ এক ব্লুপ্ৰিন্ট ৰচনা কৰিছে ঠিকাদাৰ আৰু জনপ্ৰতিধিয়ে। তথ্য অনুসৰি যোৱা বৰ্ষত ৰিৰি আৰু ৰহিতাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু হাঁহচৰাত ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কল্প ধাৰণা লৈ অবিজ্ঞান সন্মত ভাৱে বাঁহৰ পাৰ্কুপাইন আৰু নগণ্য সংখ্যক পকী পাৰ্কুপাইন দিয়ে। যোৱা বৰ্ষত ভৰবাৰিষা অহা নাছিল কাৰণে আজিও সেই পাৰ্কুপাইন যথা স্থানত পৰি আছে।

অবিজ্ঞান সন্মত ভাৱে বাঁহৰ পাৰ্কুপাইনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰাৰ সময়ত স্থানীয়লোকে কামৰ বিহংগতি হোৱা বুলি অভিযোগ কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব দিয়া নাই পৰিষদৰ কৰ্তৃপক্ষই। উক্ত তিনিটা স্থানত কিছু ধন খৰছ কৰি যোৱা বর্ষতে স্থাপন কৰা বিহংগতি পূৰ্ণ পাৰ্কুপাইন আঁচনিৰ বিপৰীতে এম এ চিয়ে আবণ্টন দিছে ৬০ লাখ টকা। ইয়াৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰণে ২০২১-২২ বিত্তীয় বৰ্ষৰ ৰিৰি-এলেংমাৰীত ২৫ লাখ টকা আৰু ৰহিতা-কেমেৰিত ১৫ লাখ টকা আৰু ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ধনশিৰিৰ হাঁহ চৰাত ২০ লাখ টকা আবণ্টন দি ইতিমধ্যে যোৱা মাহত নিবিদা গ্ৰহণ কৰিছে এম এ চিয়ে। এনেদৰে সামান্য কাম কৰা আঁচনিৰ বিপৰীতে বৃহৎ পৰিমাণৰ ধনৰাশিৰ পুঁজি আবণ্টন দিয়া খবৰে চকু কপালত উঠিছে নৈ পৰীয়া ৰাইজৰ। উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে স্থানীয় গাঁও প্ৰধান আৰু নৈপৰীয়া ৰাইজে সংবাদ মাধ্যমৰ আগত স্পষ্ট ভাবে জনাই দিছে যে ৰিৰি- এলেংমাৰী, ৰহিতা-কেমেৰি আৰু ধনশিৰি- হাঁহচৰাত ৪০/৫০ হাজাৰ টকাৰ পাৰ্কুপাইনৰ কাম কৰিছে। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে এই ব্যাপক অনিয়মৰ বাতৰি। ইপিনে ২৯ নং গেলাবিল পৰিষদীয় সমষ্টিটো আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংগঠিত হৈছে। উক্ত দুয়োটা পৰিষদীয় সমষ্টিত পাহাৰসম দুৰ্নীতি সংগঠিত কৰি সমষ্টিৰ জি এমৰ ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰৰ সৈতে মিলি আঁচনিৰ সিংহভাগ ধন আত্মসাত কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে চৰকাৰী-বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বোৰৰ চাৰিসীমা পকী বেৰ, গৃহ নিৰ্মাণ, নাট্য মন্দিৰ নিৰ্মাণ,ওখ ভেটি নিৰ্মাণ, গৰাখহনীয়া প্ৰতিৰোধ আদি প্ৰতিটো আঁচনিৰ বিপৰীতে প্ৰস্তুত কৰা প্ৰাককলনত নিৰ্ধাৰিত কামৰ পৰিমাণতকৈ কম কাম কৰি আঁচনিৰ সিংহ ভাগ ধন আত্মসাত কৰাৰ মুকলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে।আনহাতে ২৮ নং ধনশিৰি দিচৈ সমষ্টিৰ জি এম গৰাকীয়ে  নিজৰ পুত্ৰ আৰু ২৯ নং গেলাবিল সমষ্টিৰ জি এম গৰাকীয়ে স্বামীৰ নামত ঠিকা লৈ চৰকাৰী আঁচনিৰ লাখ লাখ টকা আত্মসাত কৰি সম্পত্তিৰ পাহাৰৰ গঢ়িছে বুলিও অভিযোগ উঠিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!