বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

1 min read

 

নিজৰ ক্ষমতা দেখুৱাই মন্ত্ৰী-বিধায়কে বিভিন্ন স্থানত নিয়ম ভংগ কৰাটো ডাঙৰ কথা নহয়। বিশেষকৈ ভিআইপিৰ সুবিধা লৈ চিকিৎসালয় বা আন স্থানত প্ৰায়েই শাৰী ভংগ কৰে ৰাজনৈতিক নেতাসকলে।
কিন্তু, ব্যতিক্ৰম অসমৰ এজন বিধায়ক। তেওঁ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী। দৈমাৰীৰ কেইবাখনো ফটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। ফটোত এখন চিকিৎসালয়ত সাধাৰণ ৰোগীসকলৰ সৈতে একেলগে অপেক্ষা কৰি থকা দেখা গৈছে বিধায়কগৰাকীক। জানিব পৰামতে চিকিৎসকক ৰোগ দেখুৱাবলৈ গৈছিল ইউপিপিএলৰ বিধায়কগৰাকী।

নিজৰ ভিআইপি ষ্টেটাছ ব্যৱহাৰ নকৰি সাধাৰণ লোকৰ দৰেই অপেক্ষা কৰা জলেন দৈমাৰীৰ ফটোসমূহ প্ৰচাৰ হোৱাত বিভিন্নজনে তেওঁৰ শলাগ লৈছে। উল্লেখ্য যে সহজ-সৰল জীৱন যাপনৰ বাবে ৰাইজৰ মাজত প্রিয় এইগৰাকী বিধায়ক।

 

 

 

You May Also Like

More From Author