মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী উদযাপন

মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী উদযাপন

দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত আজিৰে পৰা অনুষ্ঠিত হব মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী মহোৎসৱৰ ।
সৰ্বমুঠ ১১টা ৱাৰ্ডৰে গঠিত হোৱা মৰিগাঁও পৌৰসভাই ইতিমধ্যে ৫০ টা বৰ্ষ সম্পূৰ্ণ হোৱাত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হব সোনালী জয়ন্তী মহোৎসৱৰ ।

আজিৰ দিনৰ কাৰ্যসূচী অনুযায়ী মৰিগাঁও উপায়ুক্তৰ দ্বাৰা পুৱাৰ ভাগত স্বচ্ছতা অভিযান, সজাগতামূলক বাটৰ নাট, বৃক্ষ ৰোপণৰ লগতে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ দ্বাৰা পতকা উত্তোলনৰ আদিৰে আৰম্ভ হোৱা মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী উদযাপন প্ৰথমটো দিনত আৰু থাকিব বহুতো বৰ্ণাঢ্য কাৰ্যসূচী যেনে শ্বহীদক স্মৰণ, চিত্রাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা ইত্যাদি । দুদিনীয়াকৈ মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী উদযাপনৰ প্ৰথমটো দিনৰ অন্তিম কাৰ্যসূচী হিচাপে মৰিগাওঁ সাঁচিপাতৰ দ্বাৰা মহাবীৰ লাচিতৰ নাট প্ৰদৰ্শন কৰা হব ।

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

GTM Desk

Related