28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

সমাজসেৱী , কবি – শিক্ষাবিদ উৰ্মিলা মহন্তক সম্বৰ্ধনা ।।

Assamese Newsসমাজসেৱী , কবি - শিক্ষাবিদ উৰ্মিলা মহন্তক সম্বৰ্ধনা ।।

নাজিৰাৰ এক ভিতৰুৱা অনগ্ৰসৰ গ্ৰাম্যাঞ্চলত ছাত্ৰী অৱস্থাৰ পৰাই বৰ্তমানলৈ সমাজ , শৈক্ষিক ,সাহিত্য – সংস্কৃতিৰ উত্তৰণ তথা শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি জ্ঞানৰ প্ৰজ্ঞা বিলাই শত সহস্ৰজনৰ জীৱন গঢ় দিয়া অনেক পুৰুধা সকলৰ ভিতৰত নাজিৰা চকীমুখ তমতমটলাৰ এগৰাকী চিৰ পৰিচিত উজ্জীৱিনী মহিনা উৰ্মিলা মহন্ত ।

তমতমটলা , চেলেংপথাৰ , চকীমুখ আদিত ভালেকেইখন শিক্ষাৰ মন্দিৰ প্ৰতিষ্ঠাৰ লগতে নাজিৰা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ সৈতে সক্ৰীয়তাৰে জড়িত হৈ অনেকৰ জীৱন গঢ় দিয়া উৰ্মিলা মহন্ত চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষাৰ কাৰ্যকালৰ পৰা অৱসৰ গ্ৰহণ কৰে । চাকৰি কাৰ্যকালৰ সমান্তৰাল ভাৱে এইগৰাকী পুৰুধা মহিলাই সাহিত্য সংস্কৃতি তথা সমাজৰ উত্তৰণত আত্মনিয়োগ কৰি নিৰলসভাৱে সেৱা আগবঢ়াই আহিছে । এনে এগৰাকী তেজস্বীতা মহিলাক স্বীকৃতি স্বৰূপে কালি নাজিৰা আঞ্চলিক সাহিত্য সভা আৰু নাজিৰা মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ এক সজাতি দল চকীমুখ তমতমটলাস্থ উৰ্মিলা মহন্তৰ বাসগৃহত উপস্থিত হয় । নাজিৰা আঞ্চলিক সাহিত্য সভাৰ সভানেত্ৰী লুইচ সন্দিকৈৰ সঞ্চালনাত ড০ জীৱন কলিতা আৰু ড০ সুৰেশ ৰাজকোঁৱৰে সূত্ৰধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজীৱন সমাজসেৱী উৰ্মিলা মহন্তক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!