25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী উৎযাপনৰ সামৰণি অনুষ্ঠান ৷

Assamese Newsখনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী উৎযাপনৰ সামৰণি অনুষ্ঠান ৷

বুৰঞ্জী প্ৰসিদ্ধ পিলখানাৰ চিৰ সেউজীয়া মাটিৰ গোন্ধ লৈ থকা চহা কৃষকৰ আলোক সন্ধানী সপোনৰ ফলশ্ৰুতিত শৈক্ষিক পথাৰৰ প্ৰথম গজালি স্বৰূপে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাত অৱস্থিত খনামুখত গত ১৯৫৭ চনৰ কোনো এক মাহেন্দ্ৰক্ষণত কেইজনমান প্রাতঃস্মৰণীয় ব্যক্তিৰ সৎ চিন্তা আৰু প্ৰচেষ্টাত জন্ম হৈছিল ‘খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়।

বৃহত্তৰ অঞ্চলটিৰ শৈক্ষিক জগতলৈ আগবঢ়োৱা সেৱা আৰু যোগ্য মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ স্বীকৃতি হিচাবে অসম চৰকাৰে বিদ্যালয়খন ১৯৯১ চনত ‘খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় লৈ উন্নীত কৰে। বৃহত্তৰ খনামুখ অঞ্চলৰ জ্ঞান-গৰিমাৰ জেউতি বিলোৱা এই অক্ষয় বস্তিগছিয়ে সম্প্রতি প্রতিষ্ঠা কালৰ পৰা তিনিকুৰি পাঁচটা (৬৫) বছৰ অতিক্ৰম কৰিছে। এই যাত্ৰাৰ অংশ হিচাপে যোৱা ১৭-০৪-২০২২ তাৰিখৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ উদ্যোগত, প্রাক্তন শিক্ষক-শিক্ষয়িত্রী, বিদ্যালয়ৰ ছাত্র-ছাত্রী, প্রাক্তন ছাত্র-ছাত্রী আৰু খনামুখবাসী ৰাইজৰ সহযোগত ‘প্রাক্তন শিক্ষার্থী সমাৰোহেৰে হীৰক জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচীৰ ৰূপায়নৰ অন্তত ২০২৩ বৰ্ষৰ ০৭ আৰু ০৮ এপ্রিল তাৰিখে হীৰক জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানটি দুদিনীয়াকৈ এক বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত আয়োজন কৰা হয়। বিভিন্ন কাৰ্যসূচী অনুযায়ী আয়োজিত অনুষ্ঠানত উপস্থিত থাকে যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ,আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আদি কৰি বহু কেইজন বিশিষ্ট লেখক লেখিকা, অধ্যাপক, সমাজকর্মী আৰু গণ্য মান্য ব্যক্তি।

আমগুৰি পৰা ৰেৱত দত্ত ৰিৰ্পট ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!