পুৱাৰ ভাগত কিদৰে নিজৰ ছালৰ যত্ন ল’ব

1 min read

ছালৰ যত্ন ল’বলৈ আমি না-না ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰোঁ। দিনত চানস্ক্ৰিন আৰু ৰাতিত নাইট ক্ৰিম ঘঁহি বিচনালৈ যাওঁ । কিন্তু পুৱা শুই উঠাৰ পিছত আপুনি কেনেধৰণে ছালৰ যত্ন লয় | আচলতে ছাল ভালে ৰাখিবলৈ পুৱা-গধূলি সকলো সময়তে যত্ন লোৱাটো খুবেই জৰুৰী ।

মৰ্ণিং চৌজ দ্যা ডে অৰ্থাৎ পুৱা আৰম্ভণিতে ছালৰ যত্ন ললে দিনটোৰ বাবে ছালখন জিলিকি থাকিব । এই যত্ন লবলৈ কেৱল প্ৰসাধনৰ ওপৰত ধ্যান দিলেই নহ’ব । প্ৰসাধন ব্যৱহাৰ নকৰাকৈও মাত্ৰ এই চাৰিটা নিয়মৰ যোগেদি ছালৰ যত্ন ল’ব পাৰি ।

পুৱা নেমুৰ ৰস পাণ কৰক :— ৰাতিপুৱা খালি পেটত গৰম পানীৰ লগত নেমুৰ ৰস মিলাই খোৱাৰ অভ্যাস কৰক । এই অভ্যাস বহুতেই ওজন কমাবৰ বাবেও কৰে । কিন্তু খালি পেটত গৰম পানীৰ লগত কেইটোপালমান নেমু টেঙাৰ ৰস মিলাই খালে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায় ।

ই শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰাৰ লগতে লিভাৰৰো সুৰক্ষা প্ৰদান কৰে । ইয়াৰোপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি ও এন্টিঅক্সিডেন্ট থাকে , যি ছাল সতেজ কৰি ৰখাত সহায় কৰে ।

 যোগব্যায়াম :— মূলতে শৰীৰচৰ্চা নকৰিলে আপুনি শৰীৰৰ কোনো অংগই ভাল কৰি ৰাখিব নোৱাৰে । পুৱা যোগ ব্যায়ামৰ অভ্যাস কৰিলে শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি পায় । যোগাসনে ছালৰ বলীৰেখা, ব্ৰণ সমস্যা, ডাৰ্ক চাৰ্কেল আদি সমস্যাৰ পৰাও আপোনাক ৰক্ষা কৰিব পাৰে ।

লগতে ব্যায়াম কৰিলে আমাৰ শৰীৰৰ পৰা ঘাম নিৰ্গত হয় আৰু সেই ঘামৰ যোগেদি শৰীৰত জমা হৈ থকা দূষিত পদাৰ্থ বাহিৰ হৈ আপোনাক সুস্বাস্থ্য প্ৰদান কৰাৰ লগতে ছালখন মসৃণ কৰি তুলিব ।

 ডায়েটেই মূল মন্ত্ৰ :– ছাল ভালে ৰাখিবলৈ ডায়েটৰ ওপৰত সম্পূৰ্ণ ধ্যান দিবই লাগিব । প্ৰতিদিনে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক । কেঁচা ফল, সতেজ শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে ।

বিশেষকৈ পুৱা দৈনিক ফলৰ ৰস খোৱাৰ অভ্যাস কৰক । এইধৰণৰ পানীয় শৰীৰ ও ছাল পৰিষ্কাৰ কৰি ৰখাৰ লগতে শৰীৰৰ ভিতৰতো পুষ্টি যোগান ধৰি শৰীৰ সুস্থ কৰি ৰাখিব ।

 পুৱা লঘু ফেচওৱাচ ব্যৱহাৰ কৰক :—সকলোৱে পুৱা শুই উঠি মুখ ধুওতে পাতল ফেচওৱাচ ব্যৱহাৰ কৰিব লাগে লগতে দিনৰ ভাগত চানস্ক্ৰিন ব্যৱহাৰ কৰিবলৈ কেতিয়াও নাপাহৰিব । ই আপোনাৰ ছালখন প্ৰখৰ ৰ’দ,ধূলি-বালিৰ পৰা ৰক্ষা কৰিব ।

You May Also Like

More From Author