কিছুমান ব্যক্তিক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান ব্যক্তিক মহে কিয় বেছিকৈ কামোৰে?
মানৱ শৰীৰৰ পৰা নিৰ্গত কিছুমান ৰাসায়নিক পদাৰ্থই মহক বেছি আকৰ্ষিত কৰে। আৰু এই ৰাসায়নিক পদাৰ্থ যি সকলৰ দেহত অধিক পৰিমাণে থাকে সেইসকল লোকক  মহে বেছিকৈ কামোৰে!
“মহে মোক ইমান কামোৰে কিয়? এই প্ৰশ্নটো প্ৰায়ে আপোনাৰ মনলৈ আহে নেকি? বহুতো উত্তৰ বিচাৰি পোৱা নাই নেকি? বহুসময়ত এনে হয় যে আপুনি কৰবাত বহি কথা পাতি আছে, আপোনাৰ কাষত বহি থকা ব্যক্তিজনক মহে কামোৰাটো দূৰৈৰ ,মহটো   তেওঁৰ কাষলৈও যোৱা নাই। আৰু আপুনি মহৰ কামোৰত  অতিষ্ঠ হৈ পৰিছে! আপুনি জানেনে এনে কিয় হয়?
বিভিন্ন অধ্যয়নে দেখুৱাইছে যে মহবোৰে কিছুমান লোকক সঁচাকৈয়ে ‘ভাল পায়’! যি সকল লোকৰ  শৰীৰে ঘামৰ জৰিয়তে অধিক পৰিমাণৰ লেকটিক এচিড, ইউৰিক এচিড, এমোনিয়া নিষ্কাশন কৰে, তেওঁলোকৰ মহবোৰে অধিক কামোৰে।

Shahnawaz Hamza

Related