‘বেলকনিত ভগৱান’ ছবিলৈ ইকুৱেলিটী ইন চিনেমা সন্মান

0 min read

আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অব্যাহত আছে অসমীয়া ছবিৰ জয়যাত্রা৷ বিগত সময়ছোৱাত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান লাভ কৰা ‘বেলকনিত ভগৱান’ নামৰ ছবিখনে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত লাভ কৰিছে ইকুৱেলিটী ইন চিনেমা বঁটা৷ অষ্ট্রেলিয়াত এই ছবি মহোৎসৱ অনুষ্ঠিত হৈছিল৷

উল্লেখ্য যে ‘বেলকনিত ভগৱান’ শীর্ষক ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই৷ ছবিখনৰ প্রযোজক নুৰুল চুলতান৷ ইয়াৰ পূর্বেও এই ছবিখনে কেইবাখনো চলচ্চিত্র মহোৎসৱত বিভিন্ন বঁটাৰে সন্মানিত হৈছে৷ ব্রাজিলৰ লাছা চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’–এ লাভ কৰিছিল অনাৰেবল মেনচন এৱার্ড৷ সেইদৰে লণ্ডন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, নিউয়র্ক ফিল্ম ফেষ্টিভেল, মেলবর্ন ফিল্ম ফেষ্টিভেল আদিত সন্মান বুটলিবলৈ সক্ষম হৈছিল ছবিখনে৷

মেলবর্নৰ চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’ ছবিখনে শ্রেষ্ঠ চিনেমা, শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ অভিনেতাৰ শিতানতো মনোনয়ন লাভ কৰিছিল৷ ইয়াৰ পূর্বে পৰিচালক বিশ্বজিৎ বৰাই কলকাতা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেইদৰে বিগত এপ্রিল মাহত অনুষ্ঠিত হোৱা ৰাজস্থান আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত এই ছবিখনে শ্রেষ্ঠ চলচ্চিত্র বঁটা লাভ কৰিছিল৷ এই ছবিখনত অভিনয় কৰিছে হৰিশ খান্না, অৰুণ হাজৰিকা, দীনেশ দাস, ৰাজীৱ ক্র’, পৱিত্র বৰুৱা, প্রণামী ভাৰতী, পৰিনান্ধি জিমা চুলতানা, কৃষিমন্ত্রী অতুল বৰাকে ধৰি বহুসংখ্যক নবীন–প্রবীণ শিল্পীয়ে৷

উল্লেখ্য যে শেহতীয়াকৈ কেইবাখনো অসমীয়া ছবিয়ে আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে৷ ‘লাইফ ইন এ পাপেট’, ‘বীজ’ৰ দৰে ছবিয়েও ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে৷ কালি টৰণ্টো আন্তঃৰাষ্ট্রীয় মহিলা চলচ্চিত্র মহোৎসৱত ডিমাচা ছবি ‘ছেমখোৰ’ত অভিনয়ৰ বাবে জনপ্রিয় অভিনেত্রী আইমী বৰুৱাই লাভ কৰিছিল শ্রেষ্ঠ অভিনেত্রীৰ সন্মান৷

You May Also Like

More From Author