পৰিষদীয় নির্বাচন পর্যন্ত বিটিচিত চলিব ৰাজ্যপালৰ শাসন

0 min read

বিটিচিত পুনৰ ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন পূর্বৰ বিটিচি পৰিষদৰ কার্যকাল উকলাৰ পৰিপ্রেক্ষিতত যোৱা ২৭ এপ্রিলৰ পৰা ছমাহৰ বাবে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হৈছিল৷ সেই অনুসৰি আজি ৰাজ্যপালৰ শাসনৰ প্রথম ছমহীয়া কার্যকালৰ অন্ত পৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিটিচি নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত অঞ্চলটোত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে ইতিমধ্যে অসম মন্ত্রীসভাৰ মন্ত্রী মণ্ডলীৰ বৈঠকে অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নির্বাচন সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক নির্বাচন আয়োগক যাৱতীয় পদক্ষেপ হাতত ল’বলৈ কোৱা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে আজি চৰকাৰৰ তৰফৰ পৰা বিটিচি নির্বাচন সম্পূর্ণ নোহোৱা পর্যন্ত অঞ্চলটোত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হয়৷

বিটিচিত ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিক প্রত্যাহ্বান জনাই হাইক’ৰ্টত গোচৰ
বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ এই সন্দর্ভত মৃদুল কুমাৰ দাস আৰু আন তিনিগৰাকী ব্যক্তিয়ে দাখিল কৰা লেখ আবেদন অনুসৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১৬ (৩) দফা ভংগ কৰি ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ সেয়েহে ৪৫৪৬/২০২০ নম্বৰৰ লেখ আবেদনৰ জৰিয়তে যাৱতীয় নির্দেশনা দিবলৈ উচ্চ ন্যায়ালয়ত আবেদনকাৰীয়ে প্রার্থনা জনাইছে৷ আজি এই গোচৰটোৰ শুনানি অনুষ্ঠিত হয়৷ এই শুনানিকালত চৰকাৰী পক্ষই ন্যায়ালয়ক অৱগত কৰে যে ইতিমধ্যে ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিৰ বাবে যাৱতীয় অধিসূচনা জাৰি কৰা হৈছে৷ সেয়েহে এই সন্দর্ভত উত্তৰ প্রদান কৰিবলৈ তেওঁলোকে সময় বিচাৰে৷ উল্লেখ্য যে ২৭ এপ্রিলত বিটিচিৰ বিধানসভা পৰিষদৰ কার্যকাল অন্ত পৰিছে৷ সেয়েহে সেই সময়ত বিটিচিত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছিল৷ মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে আয়োগে নির্বাচনী অধিসূচনা জাৰি কৰে৷ কিন্তু সেই সময়ত ক’ৰোনা ভাইৰাছৰ সংক্রমণে ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাত সাময়িকভাৱে নির্বাচনী প্রক্রিয়া স্থগিত ৰখা হয়৷ যাৰ পৰিপ্রেক্ষিতত বিটিচিৰ বিধানসভা পৰিষদৰ কার্যকাল অন্ত পৰাত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ ছমাহৰ বাবে ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ সেই অনুসৰি কালি ৰাজ্যপালৰ শাসনৰ ম্যাদ উকলি যোৱাত পুনৰ আন এক অধিসূচনাযোগে ইয়াৰ ম্যাদ বৃদ্ধি কৰা হয়৷ ইয়াক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদনখনত উল্লেখ কৰা অনুসৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১৬ (২) দফা অনুসৰি ৰাজ্যপালে প্রথমবাৰৰ বাবে ছমাহৰ শাসন প্রৱর্তন কৰিব পাৰে৷ কিন্তু ৰাজ্যপালৰ শাসন প্রৱর্তনৰ ক্ষেত্রত প্রথম বিধানসভা অধিৱেশনত অনুমোদন জনোৱাটো নিয়ম৷ যোৱা ২৮ জুলাইত জাৰি কৰা অধিসূচনাৰ জৰিয়তে অসম বিধানসভাৰ অধিৱেশন যোৱা ৩১ আগষ্টৰ পৰা ৩ ছেপ্ঢেম্বৰলৈ অনুষ্ঠিত হয় যদিও অধিৱেশনৰ সময়ছোৱাত ৰাজ্যপালৰ শাসনৰ বাবে কোনোধৰণৰ অনুমোদন প্রদান কৰা নহ’ল৷ অর্থাৎ সাংবিধানিকভাৱে ৰাজ্যপালৰ শাসনৰ বাবে কোনো অনুমোদন লাভ নকৰিলে৷ যাৰ পৰিপ্রেক্ষিতত বিটিচিত ৰাজ্যপালৰ শাসন ২৯ ছেপ্ঢেম্বৰত অবৈধ হিচাপে পৰিগণিত হৈছে৷ সেয়েহে ৰাজ্যপালে গ্রহণ কৰা সকলো ধৰণৰ প্রশাসনিক সিদ্ধান্তও অবৈধ বুলি উল্লেখ কৰা হৈছে আবেদনখনত৷ আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই৷

বিটিআৰৰ বিৰুদ্ধে হওঁক গণভোটঃ সাংসদ নৱ শৰণীয়া
বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’ন অর্থাৎ বিটিআৰৰ বিৰুদ্ধে গণভোটৰ দাবী উত্থাপন কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ আজি অনুষ্ঠিত এখন সংবাদ মেলত সাংসদ শৰণীয়াই শেহতীয়াকৈ সম্পাদিত বিটিআৰ চুক্তিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে৷ একে সময়তে তেওঁ বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিৰ বিৰোধিতাৰ লগতে পৰিষদীয় নির্বাচন শীঘ্রে অনুষ্ঠিত কৰাৰো দাবী জনায়৷ তদুপৰি বিটিআৰত অসমীয়াক সহযোগী ভাষা কৰা সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত বাতিল তথা পুনৰ বিবেচনা কৰাৰো দাবী তোলে সাংসদ শৰণীয়াই৷ তেওঁ কয় যে ইউপিপিএলে বিভিন্ন স্থানত পৰিৱর্তন যাত্রা কৰাৰ বাতৰি আহিছে৷ কিন্তু এই পৰিৱর্তন যাত্রা মানে কি? হাগ্রামা মহিলাৰীৰ ঠাইত প্রমোদ বড়ো, তাত বাহিৰে একো নহয়৷ কাৰণ যদি বিটিচিত স্থায়ী শান্তি অনাৰ প্রমোদ বড়োৰ ইচ্ছা থাকিলেহেঁতেন তেন্তে বিটিআৰ চুক্তি কৰাৰ সময়ত অবড়োৰ বাবে এটা হ’লেও দফা ৰাখিলেহেঁতেন৷ কোচ ৰাজবংশীৰ পৰা সংখ্যালঘুলৈকে অবড়োৰ যিবোৰ জাতীয় দল–সংগঠন আছে, তেওঁলোকৰ সৈতে এবাৰ হ’লেও আলোচনা কৰিলেহেঁতেন৷ অন্ততঃ প্রমোদ বড়োৰ পৰা আমি সেইখিনি আশা কৰিছিলোঁ৷ জাতি–মাটি–ভেটিৰ কথা কোৱা বিজেপিৰ পৰাও আমি এই আশা কৰিছিলোঁ৷ সেই কাৰণে এতিয়া আমি কৈছোঁ– বিটিআৰৰ বিৰুদ্ধে গণভোট হওক৷ এইবাৰৰ নির্বাচন আমি বিটিআৰৰ বিৰুদ্ধে গণভোট বুলি ভাবিম৷ কাৰণ বিটিআৰেই পৰৱর্তী বড়োলেণ্ড৷ ইয়াত কোনো সন্দেহ নাই৷ আজি মিজোৰামে অসমীয়া লোকৰ ওপৰত আক্রমণ চলাইছে৷ অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয়তো একে অৱস্থা৷ যদি নৱ শৰণীয়া নোহোৱা হয় তেন্তে অহা ৫ বছৰ পিছত বিটিচিতো একেই অৱস্থা হ’ব৷ সাংসদ শৰণীয়াই বিপিএফ আৰু ইউপিপিএলক চোকা সমালোচনাৰে থকা–সৰকা কৰে৷ বিটিচিত ভূমিৰ সমস্যাই আটাইতকৈ ডাঙৰ সমস্যা বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিচিত থকা অবড়োসকলৰ ৯৯ শতাংশৰে মাটিৰ পট্টা নাই৷ অবড়োসকলে দখল কৰি থকা মাটি ভাৰত স্বাধীন হোৱাৰে পৰা নিজৰ নামত নহ’ল৷ ২০০৩ চনত বিটিচি চুক্তিকাৰীয়ে কৈছিল যে অবড়োসকলক সম্পত্তি অর্থাৎ মাটিৰ অধিকাৰ দিব৷ তাৰ কাৰণে এখন আইন প্রণয়ন কৰাৰ কথা আছিল৷ কিন্তু ২০১০ চনত চন্দন ব্রহ্মই গুৱাহাটী উচ্চ ন্যায়ালয়ত জনজাতীয় ব্লক–বেল্টৰ আইন প্রযোজ্য কৰাৰ আর্জি জনাই এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিলে৷ বিপিএফ আৰু ইউপিপিএলৰে বিজেপিৰ গোপন বুজাবুজি থকা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷ এই সন্দর্ভত তেওঁ কয় যে শেহতীয়াকৈ অনুষ্ঠিত সর্বদলীয় বৈঠকৰ পিছতে বিজেপি আৰু বিপিএফ ভিতৰুৱাকৈ এক আলোচনাত মিলিত হৈছিল৷ তেওঁলোকৰ ভিতৰুৱা বুজাবুজিত ঠিকে আছে৷ কেৱল বাহিৰত ৰাইজক দেখুৱাই নাটক কৰি থাকিব৷ হয়তো এই নাটকখন ২০২১ চনলৈ অব্যাহত থাকিব৷ প্রকৃততে বিপিএফ–ইউপিপিএলৰ কাজিয়া আদর্শগত নহয়৷ তেওঁলোকৰ কাজিয়া হৈছে চকীখনক লৈ৷ ইয়াৰে সুবিধাটো লৈছে বিজেপিয়ে৷ বিজেপিয়ে হয়তো কৈছে ২০২১লৈ প্রমোদ বড়ো বিটিচিৰ মুখ্য কার্যবাহী সদস্য হৈ থাকিব৷ তাৰ পিছত হাগ্রামা মহিলাৰী আহিব৷ লক্ষণীয়ভাৱে বিটিচি নির্বাচনৰ ঠিক আশে–পাশে কংগ্রেছে হাগ্রামা মহিলাৰীক বিটিচিৰ মুখ্য কার্যবাহী সদস্যৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিব পাৰে বুলিও তেওঁ আন এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷ বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধিতা কৰি তেওঁ কয় যে ৰাজ্যপালৰ শাসনৰ ম্যাদ যাতে এদিনো বৃদ্ধি নকৰে, তাৰ বাবে আমি ইতিপূর্বেই দাবী জনাইছিলোঁ৷ কিন্তু ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি কৰা হ’ল৷ অৱশ্যে ১৫ ডিচেম্বৰৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে৷ কিন্তু বিহাৰত প্রধানমন্ত্রী, মুখ্যমন্ত্রীকে ধৰি বিৰোধী দলৰ নেতাসকলে নির্বাচনী প্রচাৰ চলাইছে৷ আমি সেয়া অসহায়ভাৱে প্রত্যক্ষ কৰিছোঁ৷ ৰাজনীতিকসকলে বিশেষকৈ যিসকলে চৰকাৰ চলাই আছে তেওঁলোকে ৰাজনৈতিক স্বার্থতে বিটিচি নির্বাচন অনুষ্ঠিত কৰা নাই৷ কাৰণ আজিৰ তাৰিখত নির্বাচন অনুষ্ঠিত হ’লে গণ সুৰক্ষা পার্টীৰ প্রার্থীসকল জয়ী হ’ব৷ এইক্ষেত্রত তেওঁ ৰাজ্যিক নির্বাচন আয়োগক চোকা সমালোচনা কৰে৷ তেওঁ কয় যে ৰাজ্যিক নির্বাচন আয়োগক আমি গৰিহণা–ধিক্কাৰ দিছোঁ৷ নির্বাচন আয়োগ এটা স্বায়ত্তশাসিত সংস্থা৷ আমি আশা কৰিছিলোঁ নির্বাচন আয়োগে সঠিক সিদ্ধান্ত ল’ব৷ কিন্তু তেওঁলোকে চৰকাৰৰ নির্দেশত চলি আছে৷ ইফালে, বিটিচিত অসমীয়াক সহযোগী ভাষা কৰা সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সাংসদ শৰণীয়াই কয় যে বিটিচিত বড়োক মুখ্য ভাষা কৰক৷ তাত আমাৰ ক’বলগীয়া নাই৷ কিন্তু অসমীয়াক সহযোগী ভাষা কৰাত আমাৰ আপত্তি আছে৷ যদি এই সিদ্ধান্ত বাতিল তথা পুনৰ বিবেচনা নকৰে, তেন্তে বিষয়টো আমি সমগ্র অসমলৈ লৈ যাম৷ বিটিচি নির্বাচনক ধর্ম–ন্যায়ৰ যুঁজ ৰূপে অভিহিত কৰি নৱেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা গণ সুৰক্ষা পার্টীয়ে গাঁও চলো, গণ সত্যাগ্রহ, গণ প্রতিবাদ আদি কার্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ সদৰী কৰে৷

You May Also Like

More From Author