মানি প্লান্ট ৰখাৰ সময়ত এই নিয়মবোৰ মানি চলাটো অতি প্ৰয়োজনীয়

1 min read

ঘৰত এবিধ বিশেষ উদ্ভিদ ৰাখিলে ইতিবাচক শক্তি আনে।ধন-টকাও আহে।তেনে এজোপা গছ বা উদ্ভিদ হৈছে-মানী প্লেন্ট। কিংবদন্তি অনুসৰি মানী প্লেন্ট-গছজোপা যিমানেই সেউজীয়া হব-সিমানেই ঘৰলৈ সুখ-শান্তি আহিব।ঘৰত মানী প্লেন্ট থাকিলে-মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্ত হয়।

ঘৰত গছ থাকিলে সৌন্দয্য বাঢ়ে। বহুতে নিজৰ ঘৰবোৰ বিভিন্ন ধৰণৰ গছ-গছনিৰে সঁজাই তুলে। পৰিৱেশ বিজ্ঞানতো গছৰ গুৰুত্ব আছে কিন্তু যিকোনো গছ ঘৰত ৰাখিব নোঁৱাৰি। বহুতে ভাল ফলৰ বাবে-ঘৰত বা অফিচত মানী প্লেন্ট ৰাখে। কিন্তু কিছুমান নিয়ম নমনাৰ বাবে-শুভ ফলাফল নাপায়।

কোন দিশত মানী প্লেন্ট ৰাখিব- মানী প্লেন্ট ৰখাৰ সময়ত দিশৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এই গছজোপা দক্ষিণ-পূৱ দিশে ৰাখিব লাগে। এই দিশটো ভগৱান গণেশৰ দিশ হিচাপে গণ্য কৰা হয়। এই দিশে ধন-উদ্ভিদ ৰাখি-ভগৱান গণেশৰ বিশেষ কৃপা লাভ কৰা হয়।ঘৰলৈ সুখ-সমৃদ্ধি আহে।

পৰিষ্কাৰ ঠাই নিৰ্বাচন – ঘৰত এই গছ থাকিলে-দেৱী লক্ষ্মী সুখী হয়।গতিকে মানী প্লেন্ট লেতেৰা ঠাইত ৰাখিব নালাগে।সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে।

মানী প্লেন্ট চুৰী নকৰিব- কাৰোবাৰ ঘৰৰ পৰা মানী প্লেন্ট চুৰ নকৰিব।মানী প্লেন্টৰ লতা উভালিবলৈ গৃহস্থৰ অনুমতি লব লাগে।চুৰি কৰি আনিলে শুভ ফল পোৱা নাযায়।

মানী প্লেন্টত শুকান পাত থাকিব নিদিব- মানী প্ৰেন্ট মৰহী যোৱাটো এটা বেয়া লক্ষণ।গতিকে প্ৰছিদিনে নিয়মীয়াকৈ পানী দিব লাগে।আৰু মানী প্লেন্টত শুকান পাত থাকিবলৈ নিদিব।শুকান পাতে ঘৰৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।

লতাডালে মাটি স্পৰ্শ কৰিব নালাগে- মানী প্লেন্ট ৰোপণ কৰাৰ সময়ত-লতাডাল যাতে মাটিত নপৰে-তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ ফল বেয়া হয়।ইয়াৰ ফলত ঘৰৰ সদস্যসকল বিভিন্ন সমস্যাত লিপ্ত হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

You May Also Like

More From Author