মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

গুৱাহাটীঃ ফেশ্বন জগতৰ ক্ষেত্রখনত বিশেষ ভূমিকা গ্রহণ কৰি অহা মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়াৰ উদ্যোগত মিছেছ ইণ্ডিয়া ইউনিভার্ছ ২০২১ৰ অডিচন কালি গুৱাহাটীত অনুষ্ঠিত হয়৷ গুৱাহাটীৰ লিলি হোটেলত অনুষ্ঠিত এই অডিচনৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ ১১গৰাকী প্রতিযোগীক মিছেছ ইণ্ডিয়া ইউনিভার্ছত অংশগ্রহণৰ বাবে বাছনি কৰা হয়৷

দিল্লী আৰু মালদ্বীপত অনুষ্ঠিত হ’ব লগা মিছেছ ইণ্ডিয়া ইউনিভার্ছৰ ফাইনেলত দেশৰ ১০০গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰিব৷ মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া ৰিছা সিং আৰু ৰাজ্যিক সঞ্চালক উর্মিমালা বৰুৱাই জানিবলৈ দিছে৷

GTM Desk

Related