22.5 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

কোনে গুলীয়াই হত্যা কৰিলে অৱদেশ যাদৱক?

Assamese Newsকোনে গুলীয়াই হত্যা কৰিলে অৱদেশ যাদৱক?

মহানগৰীত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ীজনৰ অৱশেষত মৃত্যু হয়। এইপৰ্যন্ত অপৰাধীৰ কোনো সন্ধান লাভ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে। পৰিয়ালৰ সন্দেহ, ডব্লিউ যাদৱ নামৰ বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰি কিলাৰ লগাই অৱদেশ যাদৱক হত্যা কৰিছে। বিহাৰৰ সমষ্টিপুৰ জিলাৰ চিমৰা গাঁৱত ঘৰত যাদৱৰ।

উল্লেখযোগ্য যে ৫ বছৰ পূৰ্বে অৱদেশ যাদৱৰ আন এজন ভাতৃক গুলীয়াই হত্যা কৰা হৈছিল। নিজ গাঁৱতে দুৰ্বৃত্তই হত্যা কৰিছিল অৱদেশৰ ভাতৃ মিথিলেশ যাদৱক। গাঁৱৰ ৰাজনীতি আৰু মাটি–বাৰীৰ সংঘাতৰ বাবে হত্যা কৰিছিল মিথিলেশক।

অৱদেশ যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে পল্টন বজাৰ আৰক্ষী থানাত 105/22 নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। আনহাতে, আৰক্ষীয়ে ছিপাঝাৰৰ পৰা ৩জন লোকক আটক কৰিছে। ইয়াৰ ভিতৰত এজন হত্যাকাণ্ডত ব্যৱহাৰ হোৱা বাইকখনৰ গৰাকী। বাইকৰ গৰাকী আব্বাছ আলীৰ লগতে ইছমাইল আলী আৰু আকাশ আলী নামৰ আন দুজনক আটক কৰিছে আৰক্ষীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: