গুৱাহাটীত সন্ধানহীন নগাঁৱৰ যু্ৱক

0 min read

নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ পীয়ুষ শইকীয়া (২২) নামৰ যুৱকজন কালি দুপৰীয়াৰ পৰা সন্ধানহীন হৈ আছে । জানিব পৰা মতে , কালি দুপৰীয়া প্ৰায় ১২ বজাত গুৱাহাটীৰ আৰক্ষী চাউনী গেষ্ট হাউচৰ পৰা ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে । বহু বিচাৰ খোচাৰ কৰিও পীয়ুষ শইকীয়াৰ সন্ধান পোৱা নাই । পীয়ুষৰ পিতৃ মৃদুল শইকীয়াই পীয়ুষৰ সন্ধানহীন হোৱাৰ সন্দৰ্ভত পানবজাৰ থানাত এখন এজেহাল দাখিল কৰিছে । যুৱকজনৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান কৰিছে যদিও বাতৰি লিখা সময়লৈকে যুৱকজনৰ কোনো শূং সুত্ৰ ওলোৱা নাই। কোনোবাই যুৱক জনৰ সন্ধান পালে ৯১০১৪৩৫০২১ আৰু ৭০৯৯৫৫৩১৬৮ নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে । উল্লেখ যে সন্ধানহীন হোৱা যুৱক জনে কথা বতৰা ভালকৈ কব নাযানে ।

You May Also Like

More From Author