নগাঁও কলেজ (অট’নমাচ)ত প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ সজাগতামূলক কাৰ্যসূচী

নগাঁও কলেজ (অট’নমাচ)ত প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ সজাগতামূলক কাৰ্যসূচী

নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–নগাঁও কলেজ(অট’নমাচ)ৰ ইক’ক্লাৱ আৰু এন.এছ.এছ. গোটৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড কোষৰ সহযোগত সোমবাৰে কলেজ চৌহদত হালধী গুড়ি,জেতুকাৰ গুড়ি,নাৰ্জি ফুলৰ ৰং,পিঠাগুড়ি,বীট,গাজৰ আদিৰ পৰা ৰং প্ৰস্তুত কৰি “দৌল উৎসৱ” ৰ প্ৰাকমুহূৰ্তত এক ব্যাপক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে মানৱ শৃংখল সৃষ্টি কৰি ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত আবিৰ ব্যৱহাৰ নকৰি প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ পালন কৰিব বুলি শপত গ্ৰহণ কৰে। উল্লেখ্য যে এই সজাগতামূলক কাৰ্যসূচীত নগাঁও পৌৰসভাইও উপস্থিত থাকি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰী,অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক-কৰ্মচাৰীৰ মাজত ফিচকাৰী আৰু প্ৰাকৃতিক ৰং বিতৰণ কৰে । এন.এছ.এছ.ৰ কাৰ্যসূচী বিষয়া ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা সজাগতামূলক কাৰ্যসূচীত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰি নগাঁও কলেজৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি সমাজলৈ ৰাসায়নিকভাৱে প্ৰস্তুত কৰা আবিৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ বাৰ্তা কঢ়িয়াই লৈ যাব বুলি উল্লেখ কৰে। ড° বৰকটকীয়ে লগতে উল্লেখ কৰি কয় যে ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা এই আবিৰ মানৱ দেহৰ বাবে ক্ষতিকাৰক আৰু এই আবিৰে পৰিৱেশো প্ৰদূষিত কৰিব। গতিকে এই সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে কলেজ চৌহদৰ পৰা “প্ৰাকৃতিক ৰঙেৰে ফাকু খেলক আহক” এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ ।

অনুষ্ঠানটোৰ আঁত ধৰি ড° ভূবন চুতীয়াই ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা,অনা শিক্ষক -শিক্ষক কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে নগাঁও কলেজে প্ৰতিবছৰে ৰাসায়নিক ভাৱে প্ৰস্তুত কৰা আবিৰৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ড° ভূবন চুতীয়াই উপস্থিত সকলোকে ৰাসায়নিক ভাৱে প্ৰস্তুত কৰা আবিৰ ব্যৱহাৰ নকৰাৰ শপত বাক্য পাঠ কৰায় । ইক’ক্লাৱৰ সমন্বয়ক ড° প্ৰান্তিক শৰ্মা বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক থলুৱাভাৱে অতি সহজে প্ৰাকৃতিক ৰং প্ৰস্তুতকৰণৰ ওপৰত ব্যাখ্যা আগবঢ়ায় ।

এই সজাগতামূলক অনুষ্ঠানত নগাঁও পৌৰসভাৰ অধ্যক্ষ অম্বিকা মজুমদাৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰাকৃতিকভাৱে প্ৰস্তুত ৰং সানি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰাকৃতিকভাৱে প্ৰস্তুত আবিৰ সানি ব্যাপক উল্লাস প্ৰদৰ্শন কৰে । অনুষ্ঠানত উপস্থিত থাকি পৌৰ সভাৰ উপাধ্যক্ষ সীমান্ত বৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাঁহেৰে নিৰ্মিত ফিচকাৰী বিতৰণ কৰি কয় যে নগাঁও পৌৰসভাৰ সহযোগত নগাঁও কলেজৰ এই ব্যতিক্ৰমী প্ৰয়াসে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই লৈ যাব । অনুষ্ঠানৰ শেষত এন.এছ.এছ. গোটৰ কাৰ্যসূচী বিষয়া ড° মানস জ্যোতি নিৰ্মলীয়াই শলাগৰ শৰাই আগবঢ়ায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related