21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

ভিডিঅ’ চাই ঘৰতে সন্তান প্ৰসৱ কৰিলে কিশোৰীয়ে,কৰিলে হত্যা…

Assamese Newsভিডিঅ' চাই ঘৰতে সন্তান প্ৰসৱ কৰিলে কিশোৰীয়ে,কৰিলে হত্যা...
যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী কিশোৰীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। হত্যা কৰিলে এটি নৱজাতকক। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা

যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী কিশোৰীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। হত্যা কৰিলে এটি নৱজাতকক। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা।

আৰক্ষীয়ে জনোৱা অনুসৰি ১৫ বছৰীয়া এগৰাকী কিশোৰীয়ে ইউটিউবৰ ভিডিঅ’ চাই সন্তান প্ৰসৱ কৰে আৰু পাছত হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত। জানিব পৰা মতে কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ পাছত এয়া সামাজিক মাধ্যমতো প্ৰচাৰ হৈছিল।

যেতিয়া কিশোৰী গৰাকী গৰ্ভৱতী আছিল তেতিয়া অন্য কোনো স্বাস্থ্য জনিত সমস্যাত ভুগা বুলি মাতৃক জনাইছিল। তেওঁ গৰ্ভৱতী হোৱা ঘটনাতো সকলোৰে পৰা লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল যাৰ বাবে ঘৰতে প্ৰসৱ কৰাৰ বাবে ইউটিউবত ভিডিঅ’ চোৱা আৰম্ভ কৰিছিল।

তাৰ পাছতে ২ মাৰ্চত কিশোৰী গৰাকীয়ে নিজৰ ঘৰত এটি সন্তান জন্ম দিয়ে আৰু লগে হত্যা কৰি মৃতদেহটো বাকচত লুকুৱাই থয়।

যেতিয়া কিশোৰী গৰাকীৰ মাতৃ ঘৰলৈ আহিছিল তেতিয়া সকলো জানিব পাৰিছিল। লগে লগে কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আনহাতে মৃত নৱজাতকৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!