আবিৰ খেলাৰ আগতে কি কি বিষয়ত গুৰুত্ব দিয়াটো জৰুৰী ?

আবিৰ খেলাৰ আগতে কি কি বিষয়ত গুৰুত্ব দিয়াটো জৰুৰী ?

মাত্ৰ নিশাটো বাকী । কাইলৈ আবিৰ ৰঙেৰে ৰঙীন হৈ উঠাৰ দিন । সকলোৰে প্ৰিয় উৎসৱ ফাকুৱা খেলিবলৈ ইতিম্যেই বহুতেই প্ৰস্তুতি আৰম্ভ কৰিছে ।

অৱশ্যে, ৰং খেলাৰ আগতে কেবাটাও গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো জৰুৰী । অন্যথা, অস্থায়ী আনন্দ পিছলৈ সমস্যাৰ কাৰণ হ’ব পাৰে।

১) ফাকুৱা খেলাৰ আগতে দীঘল হাতৰ কাপোৰ পিন্ধিব লাগে । আবিৰে হওঁক বা পানীৰ ৰং হওঁক, শেহতীয়াকৈ সকলোতে ৰাসায়নিক উপাদানসমূহ মিহলোৱা থাকে । ছালৰ সংস্পৰ্শলৈ আহিলে দাগ, খজুৱতি আদিৰ দৰে সমস্যা হ’ব পাৰে। সেই বিপদাশংকা পৰিহাৰ কৰিবলৈ, হাত আৰু ভৰি ঢাকি ৰখাৰ কাপোৰ পিন্ধা ভাল। যদি আপুনি ৰং বজাব বিচাৰে, আবিৰ খেলাৰ আগতে ছালত ময়েশ্চাৰাইজাৰ, তেল বা ক্ৰীম প্ৰয়োগ কৰক।

(২) ৰং খেলাৰ আনন্দত চকুৰ সুৰক্ষা ল’বলৈ নাপাহৰিব। মনত ৰাখিব যাতে কোনো ধৰণে ৰং চকুলৈ নাযায়। খুব ভাল হয় যদি খেলাৰ সময়ত চকুত চানগ্লাছ পৰিধান কৰে । সুৰক্ষাও হয় আৰু ষ্টাইলো ।

(৩) ফাকুৱাৰ ক্ষেত্ৰত সকলোতকৈ অধিক দৃষ্টি ৰাখিব লাগে চুলিত। আবিৰ খেলাৰ পাছত চুলিৰ পৰা ৰং যাবই নিবিচাৰে । ৰাসায়নিক উপাদানৰ স’তে মিহলি হোৱা ৰঙে চুলিক্ষতিগ্ৰস্ত কৰে। গতিকে যিমান সম্ভৱ চেষ্টা কৰিব যাতে চুলিত ৰং নালাগে। কিন্তু সেয়া সকলো সময়তে সম্ভৱ নহয়। গতিকে আগতীয়াকৈ সাৱধান হওঁক। চুলিত তেল লগাই ৰং খেলক । চুলি খুলি নাৰাখিব ।

(৪) বজাৰৰ সকলো ৰঙত ৰাসায়নিক উপাদান মিহলি হ’লেও, অলপ অনুসন্ধান কৰিলে ভেষজ ৰংও পাব। ফুলৰ পাহিৰ পৰা তৈয়াৰ কৰা বিভিন্ন ৰঙেৰে ৰং খেলক । ভেষজ আবিৰ শিশু আৰু প্ৰাপ্তবয়স্কসকলকো স্পৰ্শ কৰিব পাৰে।

Shahnawaz Hamza

Related