22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

গুৱাহাটীত অনুশীলন ৰাজস্থান ৰয়েলছৰ

Assamese Newsগুৱাহাটীত অনুশীলন ৰাজস্থান ৰয়েলছৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৩ৰ বাবে প্রস্তুতি আৰম্ভ কৰিলে ৰাজস্থান ৰয়েলছে৷ প্রতিযোগিতাখনলৈ মাজত ২৫ দিন বাকী থকা অৱস্থাত ৰাজস্থান দলটোৱে হোমগ্রাউণ্ড হিচাপে বিবেচিত গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে ৰাজস্থান ৰয়েলছে চলিত বর্ষৰ আইপিএলৰ দুখন মেচ বর্ষাপাৰা ষ্টেডিয়ামত খেলিব৷ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ বাবে সম্পূর্ণৰূপে প্রস্তুত হোৱাৰ উদ্দেশ্যে ৰাজস্থান ৰয়েলছৰ কিছুসংখ্যক খেলুৱৈ শনিবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছে আৰু দলটোৰ খেলুৱৈসকলে আজিৰে পৰা এচিএ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিছে৷ দলটোৱে গুৱাহাটীত এসপ্তাহ অনুশীলন চলাব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অহা ৩১ মার্চৰ পৰা আৰম্ভ হ’ব আইপিএল৷ ইয়াৰে ৫ আৰু ৮ এপ্রিলত হ’বলগীয়া মেচ দুখন গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু মেচ দুখনত ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী হ’ব পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!