26.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

চামগুৰিৰ সোনাৰিবালিৰ পথ দুৰ্ঘটনাত মাতৃ সহ এগৰাকী কন্যাৰ মৃত্যু!

Assamese Newsচামগুৰিৰ সোনাৰিবালিৰ পথ দুৰ্ঘটনাত মাতৃ সহ এগৰাকী কন্যাৰ মৃত্যু!

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সন্ধিয়া সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মাতৃ সহ এগৰাকী কন্যা শিশু নিহত হোৱাৰ লগতে আনএগৰাকী কন্যা শিশু গুৰুতৰ ভাবে আহত হয় ৷ জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি অঞ্চলত যোৱা কালি সন্ধিয়া প্ৰায় ৫–৩০ মান বজাত সোনাৰিবালিৰ নিবাসী মাম্পি বনিক(৩৪) নামৰ মহিলা গৰাকীৰ সহ তেওঁৰ দুই কন্যা সুপ্ৰিয়া বনিক (৮) আৰু তেজশ্ৰী বনিকে (৩) ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ চেষ্টা কৰাৰ সময়তে এএছ ০২ এ জি ২০১৬ নম্বৰৰ বাইক খনে মহতিয়াই নিয়ে ৷ ফলত দুই কন্যা সহ মহিলা গৰাকী গুৰুতৰ ভাবে আহত হয় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত সংকটত জনক অৱস্থাত দুই কন্যা শিশু সহ মহিলা গৰাকীক চিকিৎসাৰ বাবে নগাৱঁলৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ পৰিয়ালৰ লোকে নিয়ে যদিও মাম্পি বনিক নামৰ মহিলা গৰাকী মৃত্যু হয় ৷

আনহাতে পৰৱৰ্তী সময়ত দুই কন্যা শিশুক পৰিয়ালৰ লোকে পুনৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়ে যদিও আজি পুৱা সুপ্ৰিয়া বনিক নামৰ কন্যা শিশু গৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ লগতে আন গৰাকী কন্যা শিশু বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰা বাইক আৰোহী জনো গুৰুতৰ ভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷দুৰ্ঘটনাত নিহত হোৱা সুপ্ৰিয়া বনিক নামৰ কন্যা শিশু গৰাকী চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় মান শ্ৰেণীৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!