21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

১৩ বছৰীয়া কিশোৰৰ সন্তানৰ মাতৃ হ’ল ৩১ বছৰীয়া মহিলা

Assamese News১৩ বছৰীয়া কিশোৰৰ সন্তানৰ মাতৃ হ’ল ৩১ বছৰীয়া মহিলা

১৩ বছৰীয়া কিশোৰৰ সৈতে যৌন সম্পর্ক ৩১ বছৰীয়া মার্কিন মহিলাৰ৷ ইয়াৰ পাছতে অন্তঃসত্ত্বা হৈ পৰে মহিলাগৰাকী৷ আমেৰিকাৰ কলোৰাডো প্রদেশৰ এই ঘটনাক লৈ সমগ্র দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ মহিলাগৰাকীৰ বিৰুদ্ধে কিশোৰজনৰ ওপৰত যৌন নির্যাতন চলোৱাৰ অভিযোগ অনা হৈছিল৷

আনকি মহিলাগৰাকীক গ্রেপ্তাৰো কৰা হয়৷ কিন্তু মহিলাগৰাকী কাৰাগাৰৰ বাহিৰত আছে৷ স্বাভাৱিকভাৱে প্রশ্ণ উত্থাপন হয়– কিয় মহিলাগৰাকীক বন্দী কৰি ৰখা হোৱা নাই৷ আন্দ্রেয়া ছেৰানো নামৰ এই মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে মূলতঃ দুটা অভিযোগ আনিছে৷ প্রথমতে বিশ্বাস ভংগ, দ্বিতীয়তে নাবালকৰ ওপৰত যৌন নির্যাতন৷ যোৱা জুন মাহত মহিলাগৰাকীক গ্রেপ্তাৰ কৰা হয়৷

আৰক্ষীৰ জেৰাত কিশোৰৰ সৈতে যৌনতাৰ কথা স্বীকাৰ কৰে মহিলাগৰাকীয়ে৷ যোৱা জুলাই মাহত ৭০ হাজাৰ মার্কিন ডলাৰৰ বিনিময়ত জামিন লাভ কৰে আন্দ্রেয়াই৷ যৌন অপৰাধী হ’লেও আন্দ্রেয়াক কাৰাগাৰত ৰখা হোৱা নাই৷ অৱশ্যে গোচৰটো এতিয়াও চলি আছে৷ ইতিমধ্যে সন্তানো জন্ম দিছে আন্দ্রেয়াই৷

এনে পৰিস্থিতিত কিশোৰজনৰ মাতৃয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ সন্তানৰ শৈশৱ ধ্বংস কৰিছে আন্দ্রেয়াই৷ গতিকে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব৷ মাত্র ১৪ বছৰ বয়সতে পিতৃত্ব লাভ কৰা এই কিশোৰটোৰ এতিয়া মানসিক অৱস্থা সুস্থিৰ হৈ থকা নাই বুলিও পিতৃ–মাতৃয়ে আদালতত অভিযোগ দাখিল কৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!