25.2 C
Assam
Wednesday, August 10, 2022

Featured News

Royal Enfield Hunter 350 launched in India

Royal Enfield has finally launched the much-anticipated Hunter...

Minor girl raped near New Delhi railway station, 2 arrested

Two hawkers have been arrested for allegedly...

নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি,নৰেন্দ্ৰ কুমাৰ শ্বাহ নতুন উপায়ুক্ত

Assamese Newsনগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি,নৰেন্দ্ৰ কুমাৰ শ্বাহ নতুন উপায়ুক্ত

নিউজ ব্যুৰ’,নগাঁও: নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি কৰা হৈছে হাইলাকান্দি জিলালৈ । আই এ এছ বিষয়া হিভৰেক বদলি কৰি আন এজন আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁও জিলাৰ উপায়ুক্ত হিচাপে স্থলাভিষিক্ত কৰা হৈছে । উল্লেখ্য যে নৰেন্দ্ৰ কুমাৰ শ্বাহ চিৰাং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ’নৰ সচিবৰ দায়িত্বতো আছিল । নিসৰ্গ হিভৰেৰ কাম- কাজক লৈ অসন্তুষ্ট আছিল স্বয়ং মুখ্যমন্ত্ৰী । ৰাজ্যৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ নগাঁও জিলাৰ প্ৰশাসনিক কাম-কাজ সুচাৰুভাৱে পৰিচালনা ব্যৰ্থ হৈছিল বুলি অভিযোগ উঠিছিল । দুজনমান এ চি এছ বিষয়াক জিলা প্ৰশাসনৰ দায়িত্ব পৰিচালনাৰ গুৰু দায়িত্ব অৰ্পণ কৰাক লৈ সৃষ্টি হৈছিল অৰাজকতা । তদুপৰি প্ৰলয়ংকৰী দুটা বানে বিধ্বস্ত কৰা নগাঁৱৰ পৰিস্থিতি মোকাবিলা কৰাত ব্যৰ্থ হৈছিল আই এ এছ বিষয়া নিসৰ্গ হিভৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: