নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

1 min read

নিউজ ব্যুৰ’,নগাঁও,৭জুন:–বানৰ সংহাৰৰ পৰা জনসাধাৰণে পৰিত্ৰাণ পোৱাৰ পূৰ্বেই চলিত বৰ্ষৰ নগাঁও জিলাত জাপানী এনকেফেলাইটিছত দুজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে । মৃত লোক দুজন হৈছে নগাঁও চহৰৰ খুটিকটীয়াৰ সদানন্দ বৰুৱা আৰু জুৰীয়াৰ সমীপৰ দগাঁৱৰ হামিদুল ইছলাম । নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্তই সংবাদ মাধ্যমক জনোৱা মতে সদানন্দ বৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত চিকিৎসাধীন অৱস্থাতে মংগলবাৰে মৃত্যুক সাবটি লয় । ইপিনে মংগলবাৰৰ দিনা নগাঁৱৰ এটি শিশুসহ আন পাঁচজন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে ভৰ্তি হোৱা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে । এই ৰোগত আক্ৰান্ত লোককেইজন হৈছে বেবেজীয়াৰ ক্ষীৰকান্ত শইকীয়া,কামপুৰৰ প্ৰবীণ বৰা, লাওখোৱাৰ ছাহিদা খাটুন, হাৰিয়ামুখৰ লক্ষীকান্ত নাথ আৰু শিঙিমাৰীৰ আকমল । আকমল এটি ৯ বছৰীয়া শিশু । ইপিনে ৰহা ৰাজহ চক্ৰৰ কাকতি গাঁৱৰ ৩০জনৰো অধিক লোক ডায়েৰিয়াত আক্ৰান্ত হোৱাৰো বাতৰি পোৱা গৈছে । নগাঁও স্বাস্থ্য বিভাগে ডায়েৰিয়া যাতে সোঁচৰিব নোৱাৰে তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে । এই বাতৰি লিখা সময়লৈকে তিনিজন লোকে ডায়েৰিয়াত প্ৰাণ হেৰুৱাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author