নগাঁৱত ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত শিক্ষাবিদ, অধিবক্তা,সমাজকৰ্মী শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৃতিচাৰণ সভা

নগাঁৱত ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত শিক্ষাবিদ, অধিবক্তা,সমাজকৰ্মী শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৃতিচাৰণ সভা

নিউজ ব্যুৰ’,নগাঁও,৭জানুৱাৰী:–নগাঁৱৰ ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত শনিবাৰে বিশিষ্ট শিক্ষাবিদ অধিবক্তা,সমাজকৰ্মী প্ৰয়াত শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই উপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আৰম্ভণিতে প্ৰয়াত দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে। “ক্ৰমবিৱৰ্তন আৰু আজিৰ সমাজ ব্যৱস্থা” শীৰ্ষক বক্তৃতা প্ৰদান কৰি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে কয় যে সমাজ পৰিবৰ্তন হৈছে,শিক্ষাৰ প্ৰসাৰ হৈছে । বিশ্ববিদ্যালয়,মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু জ্ঞানৰ প্ৰসাৰ হোৱা নাই । ড° ভাগৱতীয়ে বৰ্তমান পৰিস্থিতিৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে বৰ্তমান সমাজত প্ৰমূল্যবোধ নোহোৱা হৈছে । সামাজিক দায়বদ্ধতা থাকিলেহে সমাজ সঠিক দিশত আগুৱাই যাব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । সভাৰ আন এজন বক্তা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° বোধেন শইকীয়াই প্ৰয়াত শুকুৰাম দাসৰ বিষয়ে উল্লেখ কৰি কয় যে শুকৰাম দাস এগৰাকী ব্যক্তি নাছিল,এটা অনুষ্ঠান সদৃশ আছিল । তেওঁ সমাজলৈ বহুখিনি অৱদান আগবঢ়াই গৈছে । বিৱৰ্তন আৰু আজিৰ সমাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ড° শইকীয়াই কয় যে বিবৰ্তনৰ মাজেৰে আমাৰ সমাজ ব্যৱস্থা আগবাঢ়ি আহিছে । পৃথিৱী সলনি হৈছে । উদ্যোগীকৰণ আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰ ঘটিছে । সম্ভাৱনা আৰু সমস্যা এই দুটা দিশৰে আমি আগবাঢ়িছোঁ । তেওঁ লগতে কয় পৃথিৱীখন দুই ধৰণে গতি কৰিছে। এতিয়া বিশ্বত ক্ষমতা প্ৰাপ্তিৰ যুঁজ চলিছে । ৰাজনৈতিক প্ৰত্যাহ্বান চলিছে । অসমীয়া সমাজ ব্যৱস্থাৰ কথা উল্লেখ কৰি ড০ শইকীয়াই কয় যে বৈচিত্ৰতাৰ মাজত ঐক্যৰ সুন্দৰ সমাহাৰেৰে আমাৰ সমাজ ব্যৱস্থা চলি আছে। অসমীয়া এক সংমিশ্ৰিত জাতি ।


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবে নৱ বৈষ্ণৱ আন্দোলনৰ জৰিয়তে অসমত নৱ জাগৰণৰ সৃষ্টি কৰিছিল বুলি ড° শইকীয়াই মন্তব্য কৰে । নগাঁও জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি থগিত মহন্তই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি প্ৰয়াত শুকুৰাম দাসৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে জীৱন কৰ্মৰ ওপৰত ভিত্তি কৰি মানুহৰ মূল্যায়ন হয় ।ৰঞ্জন কুমাৰ দাসে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা,সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহৰ সদস্য ভবেশ মেধি, আবুল খায়েৰ আহমেদ, “কলংপাৰ” কাকতৰ মূখ্য সম্পাদক গুৰমাইল সিং আদিৰ লগতে প্ৰয়াত দাসৰ জেষ্ঠ পুত্ৰ মিণ্টু দাস আৰু পৰিয়ালৰ সদস্য সকলে অংশগ্ৰহণ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related