25.8 C
Assam
Friday, July 1, 2022

Featured News

নগাঁৱৰ শালমৰা গাঁও পঞ্চায়তৰ মহিলাই নিজৰ গাঁঠিৰ ধনেৰে বানপীড়িত ৰাইজক সাহাৰ্য বিতৰণ

Assamese Newsনগাঁৱৰ শালমৰা গাঁও পঞ্চায়তৰ মহিলাই নিজৰ গাঁঠিৰ ধনেৰে বানপীড়িত ৰাইজক সাহাৰ্য বিতৰণ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮০শতাংশ অঞ্চল বৰ্তমান বানৰ কবলত পৰিছে ৷ বানপীড়িত লোকসকলক সাহায্য বিতৰণৰ উদ্দেশ্যে আজি নগাওঁ জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী তথা শালমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ একাংশ মহিলাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি বানপীড়িত লোকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সাহাৰ্য আগবঢ়ায় । মহিলা সঁজাতি দলটিয়ে দক্ষিণ জাগীয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত পহুপুৰি খাইটি, কাকতি গাঁও,জাকৰুৱা,দেউবালি, দক্ষিণ জাগীয়াল,বালিগাঁৱৰ পাঁচশৰো অধিক বানপীড়িত শৰণাৰ্থীৰ শিৱিৰত গৈ চাউল,আলু,দালি, ৰঙালাও,পিয়াঁজ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে মহিলাৰ দলটিত শালমৰা পঞ্চায়তৰ সভানেত্ৰী ববীতা মেধি শৰ্মা,ৰহা উন্নয়ন খণ্ডৰ সংযোগ সখী ৰুণিমা চাৰিঙীয়া,জীৱিকা সখী পম্পী দেউৰী,দেৱশ্ৰী ডেকা, সবিতা ডেকা,লক্ষীমাই ডেকা, তুলিকা ডেকা,ৰেণু বৰদলৈ,মণিকা দাস,ৰেখা বৰকাকতি,কৰৱী ডেকা,লাৱণ্য ডেকা,দিপামণি দেউৰী লালুং,শালমৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য কমল বৰকাকতি উপস্থিত থাকে ।

গ্ৰাম্য সংগঠন মহিলাৰ সঁজাতি দলটিয়ে বান বিধস্ত অঞ্চল পৰিৰ্শন কৰি শিৱিৰৰ শৰণাৰ্থীসকলৰ বুজ লোৱাৰ লগতে সামগ্ৰীসমূহ বিতৰণ কৰে । মহিলাসকলৰ এনে মহানুভৱতাৰ বাবে সচেতল মহলে ধন্যবাদ জনাইছে । মহিলা দলটিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে অনাগত দিনত এনেদৰে ৰাইজৰ হৈ কাম কৰি যাবলৈ সংকল্পবদ্ধ । অন্যহাতে শালমৰা পঞ্চায়তৰ মহিলাসকলৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে বিভিন্ন মহলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: