Nagaon|| Juria || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়।

Nagaon|| Juria || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নগাঁও জিলা শাখাৰ উদ্যোগত আৰু সত্যসন্ধা আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত যোৱা ২৪আৰু২৫মেত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১সংখ্যক আবিৰ্ভাৱ মহোৎসৱ টি নগাঁও জিলাৰ জুৰীয়া তেলিয়া বেবেজীয়াৰ নাৰায়ন প্ৰাথমিক শাখাৰ গুৰু গৃহ প্ৰাংগণত বৰ্নাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। মহাপুৰুষ জনাৰ আবিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুয়োদিন গ্ৰহন কৰা হয় বিভিন্ন কাৰ্যসূচী। ২৪ মে তাৰিখে প্ৰাত:প্ৰসংগ,পতাকা উত্তোলন, পৰিবেশ নিকাকৰণ,বৃক্ষৰোপন,নামঘোষা আৰু ভক্তি ৰত্নাৱলী পাঠ আৰু বাখ্যা কৰা হয় ৷ ২৫ মে তাৰিখে পুৱা মনোমোহা এক ভাগৱত সাংস্কৃতিক শোভাযাত্ৰাই গোটেই অঞ্চলটি এক বৈকুণ্ঠ পুৰিলৈ ৰূপায়ণ কৰে ৷ বিয়লি মুকলি সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি শংকৰদেৱৰ দেৱ সংঘৰ প্ৰচাৰক নেপকুৰ চিলংঙৰ মহা পবন্ধক ভাৰত চন্দ্ৰ ডেকাই ২ ঘন্টা ৩০ মিনিট সময় শংকৰ মাধৱৰ মিলনৰ ওপৰত দিয়া ভাষনে গুৰু জনাৰ আৰ্দশ কথা সুৱৰাই দিয়ে ৷ উক্ত সভাতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ ফল লাভ কৰা ও প্ৰথম বিভাগৰ উৰ্ত্তীণ হোৱা তেলিয়া বেবেজীয়াৰ ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷
নিশাৰ ভাগত আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা গুৰু জনাই দি যোৱা তেওঁৰ নৃত্য সমুহৰ লগতে পৰিবেশন কৰা হয় পাৰিজাত হৰণ অংকীয়া ভাওনা।

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Desk Editor