34.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নগাঁৱৰ “সূত্ৰধাৰ”ৰ উদ্যোগত মনোমোহা দৃষ্টিনন্দন নৃত্য-অংগ সঞ্চালনৰ সন্ধ্যা,বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা-গ্ৰন্থ উন্মোচন

Assamese Newsনগাঁৱৰ "সূত্ৰধাৰ"ৰ উদ্যোগত মনোমোহা দৃষ্টিনন্দন নৃত্য-অংগ সঞ্চালনৰ সন্ধ্যা,বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা-গ্ৰন্থ উন্মোচন

 

 

নিউজ ব্যুৰ’,নগাঁও,১১এপ্ৰিল:–নগাঁৱৰ অন্যতম পৰিবেশ্য কলাৰ প্ৰতিষ্ঠান সূত্ৰধাৰে এদিনীয়া কাৰ্য্যসূচীৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহ’ ত অনুষ্ঠিত কৰিলে এটি মনোমোহা দৃষ্টিনন্দন নৃত্য আৰু অংগ সঞ্চালনৰ সন্ধ্যা ৷ উক্ত সন্ধিয়াৰ বিষয়বস্তু হ’ল– মন ভৌতিক অংগ সঞ্চালন (Psychophysical movement and dance)। এই সন্ধিয়াটিত লগন উকলি গ’ল, জোনাকী বাটেৰে,ৰাৱন,এন্টি ড্ৰাগ, অৱতাৰ আৰু ৰাম ৰাজ্য শীৰ্ষক এক আকৰ্ষণীয় নৃত্যানুষ্ঠান উপস্থাপন কৰা হয় । মূলতঃ আংগিক সঞ্চালনৰ লগত মানসিক তথা ভৌতিক সঞ্চালন সংযুক্ত কৰি উক্ত অনুষ্ঠানটো এক নতুন দিশ উন্মোচন কৰাৰ চেষ্টা কৰিছিল । সূত্ৰধাৰৰ পৰিচালক গৌৰৱ কুমাৰ হাজৰিকাকে প্ৰমুখ্য কৰি সহযোগী শিল্পীসকলে ৷ সূত্ৰধাৰে শিক্ষাত নৃত্য বিষয়ক চিন্তাৰে কলা সংস্কৃতিৰ জৰিয়তে মানুহৰ মনত আনন্দ দিয়াৰ চেষ্টা কৰি আহিছে ৷ এই আনন্দৰ জৰিয়তে মানুহে জীৱনৰ মূল্যবোধৰ বিষয়েও জ্ঞান আহৰণ কৰা দেখা গৈছে । কলা-সংস্কৃতিক বিদ্যায়তনিক বা শৈক্ষিক দিশৰ লগত সংযুক্ত কৰি সূত্ৰধাৰে এক নতুন মাত্ৰা প্ৰদান কৰিছে । মনভৌতিক অংগ সঞ্চালনৰ সন্ধিয়াটিত সূত্ৰধাৰে যি অনুষ্ঠান পৰিৱেশন কৰিলে সেয়া প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিজন দৰ্শকক ভবাই তুলিবলৈ বাধ্য কৰালে যে পৰিবেশ্য কলাত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰেও
এক নতুন সোৱাদ পাব পাৰি ৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ মুৰব্বী অধ্যাপক উৎপল দত্ত লগতে বৈদ্যুতিন মাধ্যম “প্ৰতিদিন টাইম” চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু বৰেণ্য প্ৰবীণ সংগীত শিল্পী সূৰ্য গোস্বামী । ভাষণ প্ৰসংগত উৎপল দত্তই কয় যে এনেধৰণৰ মনভৌতিক অংগ সঞ্চালনৰ পৰিবেশন ভাৰতৰ বাহিৰত বিভিন্ন দেশত উপস্থাপন কৰা হয় কিন্তু এইটো অসমৰ কাৰণে কিছু নতুন। দত্তই লগতে নগাঁৱৰ পৰিবেশ্য কলাৰ ইতিহাসৰ বিষয়ে আলোকপাত কৰে ৷ সূত্ৰধাৰৰ এই প্ৰচেষ্টাক এক অভূতপূৰ্ব সাফল্য বুলি ব্যাখ্যা কৰাৰ লগতে ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বুলি মন্তব্য প্ৰদান কৰে আৰু ই একক অদ্বিতীয় আৰু অনন্য বুলি মন্তব্য আগবঢ়াই । প্ৰবীণ সংগীত শিল্পী সূৰ্য গোস্বামীয়ে সূত্ৰধাৰৰ এই পদক্ষেপ অসমৰ নৃত্য–ুনাট্য জগতৰ বাবে সু সংবাদ বুলি অভিহিত কৰে । অনুষ্ঠানত সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ,শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ সমাজসেৱা বিভাগৰ মুৰব্বী অধ্যাপক মৃণাল কুমাৰ গগৈ আৰু পৰিবেশ্য কলা বিভাগৰ অধ্যাপক সোণমণি শৰ্মাৰ লগতে বহু গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । ৫০ গৰাকী তৰুণ শিল্পীয়ে অংশগ্ৰহণ কৰা সূত্ৰধাৰৰ এই অনুষ্ঠানটিত “শাস্ত্ৰীয়” শীৰ্ষক এখনি কফি টেবুল কিতাপ উন্মোচন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!