সোমবাৰে ৰাতিপুৱাই নগাঁৱৰ ৰাজপথত দেখা গল এক কৰুণ দৃশ্য…

সোমবাৰে ৰাতিপুৱাই নগাঁৱৰ ৰাজপথত দেখা গল এক কৰুণ দৃশ্য…

সোমবাৰে ৰাতিপুৱাই নগাঁৱৰ ৰাজপথত দেখা গল এক কৰুণ দৃশ্য।

গাত বগা সাজ/ খালি ভৰিৰে এখন চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ লৈ ঘৰে ঘৰে বিলাই ফুৰিছে।

পিতৃৰ মৃত্যুৰ ৪ দিনৰ পাছৰে পৰা এইদৰে বগা সাজ আৰু খালি ভৰিৰে চাইকেল চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ বিলাই ফুৰা যুৱক জনৰ নাম হৈছে হৰি দাস।

জীয়াই থকা হেঁপাহ আৰু পেটৰ ভোকৰ বাবেই হৰিয়ে এইদৰে পালন কৰি গৈছে নিজ কৰ্তব্য আৰু দায়িত্ব।

সোমবাৰে হৰি দাসৰ পিতৃৰ মৃত্যুৰ ৮ দিন হোৱাৰ পাছতো কোনোয়ে সহায় কৰা নাই দুৰ্ভগীয়া হৰি দাসক।

ৰাতিপুৱাৰ পৰা দিনটো উপবাসে থাকি এইদৰে চাইকেল চলাই খবৰ কাগজ বিলাই ফুৰাৰ বাবে হৰি দাসৰ যথেষ্ট কষ্ট হৈছে বুলি জানিব দিয়ে হৰি দাসে।

উলেখ্য যে এইদৰেই প্ৰতি পুৱা হৰি দাসে নগাঁৱৰ ১৩০ ঘৰত যোগান ধৰি আহিছে খবৰ কাগজ।

Shahnawaz Hamza