অশোকা IAS একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান

অশোকা IAS একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান

মংগল বাৰে নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অশোকা আই এ এছ একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান।

অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত অসমক গৌৰাম্বিত কৰা নগাঁৱৰ সু-সন্তান ময়ূৰ হাজৰিকাৰ লগতে কীৰ্তি ছাত্ৰ ছাত্ৰীক।

সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত পঞ্চম স্থান দখল কৰি নগাঁও তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

ময়ূৰ হাজৰিকা অশোকা আই এছ একাডেমিৰ লগত পূৰ্বৰ পৰায়ে জড়িত হৈ আছিল আৰু তেওঁ ভৱিষ্যতেওঁ আমাৰ একাডেমিৰ লগত জড়িত থকাৰ কথা কৈছে।

উলেখ্য যে সোমবাৰে ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় পৰ্যায়ৰ ভাৰতীয় বন বিভাগত ৬৮ নম্বৰৰে স্থান লাভ কৰা ভাস্বত শইকীয়াকো তেওঁৰ বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে অশোকা আই এ এছ একাডেমিৰ ফালৰ পৰা বুলি জানিব দিয়ে অশোকা আই এ এছ একাডেমিৰ পৰিচালন সঞ্চালিকা হানি ভূঞাই।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ কুলেন দাস, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, অশোকা আই এ এছ একাডেমিৰ পৰিচালন সঞ্চালিকা হানি ভূঞাৰ লগতে গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে।

Bite: অশোকা আই এ এছ একাডেমিৰ পৰিচালন সঞ্চালিকা হানি ভূঞা।

GTM Desk