নগাঁৱৰ কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে নগাঁও জিলাৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আৰু জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হৈ যায় । কামপুৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত দিৱসৰ পুৱা অনুষ্ঠানৰ পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পাছতে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰাম গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্বত অনুষ্ঠিত কবিতা পাঠৰ পৰ্যালোচনা কৰে যুৱ কবি ৰূপম কুমাৰ নাথে ।কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুম্ন বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকী,মোলান লস্কৰ,অনিল বৰুৱা,সম্পাদক ৰাজু সমীৰণ,উপ সভাপতি ক্ৰমে অশোকৰাম ভট্টাচাৰ্য,শশী কেওট,সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সভাপতি সঞ্জীৱ সাগৰ চৌধুৰী,কবি নৱ কাশ্যপ,জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ,শিক্ষাবিদ সুধাময় দাস, কামপুৰ উন্নতি সাধিনী সভাৰ সম্পাদক জনাৰ্দন বৰা,সমাজকৰ্মী যতীন বৰা,জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত কবি ক্ৰমে খৰ্গেশ্বৰ বৰা,গোলাপ ৰাজখোৱা,প্ৰমোদ বৰা,ভূপেন চন্দ্ৰ শৰ্মা,গীতাঞ্জলী শৰ্মা,ৰশ্মিতা শইকীয়া,অজিতা কাকতি, জয়াৰাণী শইকীয়া,ইৰা মণি শইকীয়া,মৃদুলা বৰা শইকীয়া, ৰঞ্জিত নাথ,সংহিতা দেৱী, শিখাৰাণী পাঠক শইকীয়া,অৰূপ জোন বৰা,নুৰুল ইছলাম,চন্দ্ৰ বৰা,বকুল নাথ আৰু পূৰৱী লস্কৰকে ধৰি ত্ৰিশ গৰাকী কবিয়ে কবিতা পাঠ কৰাৰ লগতে অনুষ্ঠানত গীত পৰিৱেশন কৰে কবি মিনাৰাম বৰাই । কবিতা পাঠৰ অন্তত সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি পৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk