41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নগাঁৱৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবর্ষৰ সামৰণী অনুষ্ঠান,দিহানাম প্ৰতিযোগিতাৰ আয়োজন

Assamese Newsনগাঁৱৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবর্ষৰ সামৰণী অনুষ্ঠান,দিহানাম প্ৰতিযোগিতাৰ আয়োজন
 নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–আহোম ৰাজত্ব কালৰ এখনি ঐতিহ্যমণ্ডিত গাঁও হিচাপে সৰ্বজন পৰিচিত নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ পূব প্ৰান্তত অৱস্থিত ভোটাইগাঁৱৰ ৰাজহুৱা নামঘৰ ভাগে ইতিমধ্যে এশটা বছৰ অতিক্ৰম কৰিছে । ১৯১৪ চনতে স্থাপিত ভোটাইগাঁও ৰাজহুৱা নামঘৰটিৰ শতবৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষত স্থানীয় ৰাইজে বছৰজোৰা কাৰ্যসূচীৰ শতবর্ষ অনুষ্ঠানটি অনুষ্ঠিত কৰি অহাৰ অন্তত অহা ২৮,২৯ আৰু ৩০ এপ্ৰিলত সামৰণী অনুষ্ঠানটিৰ বিস্তৃতভাবে আয়োজন কৰিছে ।
সেই অনুসৰি ২৮ এপ্ৰিলৰ পুৱা ঊষা কীৰ্তনেৰে কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পিছতে ক্ৰমে বন্তি প্ৰজ্বলন,স্মৃতি তৰ্পণ,গছপুলি ৰোপণ,ধৰ্মীয় শোভাযাত্ৰা-জল আনয়ন,দুপৰীয়া নাম প্ৰসংগ আৰু বিয়লি ৪ বজাত ভাগৱত পাঠ আৰম্ভ হ’ব । পাঠৰ শুভাৰম্ভ কৰিব শ্রীশ্ৰীলেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কল্যাণ মহন্তই । সন্ধিয়া শতগচি বন্তি প্ৰজ্বলনেৰে আলোকিত হ’ব নামঘৰ প্ৰাংগণ । ২৯ এপ্ৰিলৰ পুৱা ৬ বজাত ভাগৱত পাঠ সামৰণিৰ অন্তত নাম প্ৰসংগ অনুষ্ঠিত হ’ব। পুৱা ১১ বজাত নগাঁও জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগী দলক নগদ ক্ৰমে ৭০০০ টকা,৫০০০ টকা আৰু ৩০০০টকাৰে পুৰস্কৃত কৰা হ’ব । সন্ধিয়া গন্ধ বাদনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অন্ত পৰিব। ৩০ এপ্ৰিলৰ পুৱা ১০ বজাত নামপ্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ অন্তত বিয়লি ১ বজাত ভোটাইগাঁও ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কমলা কান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব এখনি ধৰ্মালোচনা সভা । সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিবলগা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব সত্ৰাধিকাৰ ভীষ্মদুৰ্লভ মহন্তই। উক্ত সভাতে শতবর্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ পাবলগা স্মৰণিকা “আৰিয়া” উন্মোচন কৰিব সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱগোস্বামীয়ে । অনুষ্ঠানতে অঞ্চলৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱাৰ লগতে দিহানাম প্ৰতিযোগিতাৰ স্থানপ্রাপ্ত দলক পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব। নিশালৈ গাঁৱৰ যুৱক-যুৱতীৰ দ্বাৰা “সগৰৰ ৰাজ্যলাভ” নামৰ অংকীয়া ভাওনাখনি প্ৰদৰ্শন কৰা হ’ব বুলি উদযাপন সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ বৰা আৰু সম্পাদক অজিত কুমাৰ বৰাই জনাইছে । উল্লেখ্য যে দিহানাম প্ৰতিযোগিতা সম্পৰ্কত সবিশেষ জানিবৰ বাবে ৬০০৩৬৫৩৫১৯, ৯৪৩৫২২৩৪৪৮ অথবা ৯৯৫৭০১২৫১০নম্বৰত সৈতে আগতীয়াকৈ যোগাযোগ কৰিবৰ বাবে উদযাপন সমিতিয়ে অনুৰোধ জনাইছে ।
       ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!