যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ-২০২৩ আৰম্ভ

যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ-২০২৩ আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,৫মে’:-অসমীয়া জাতিসত্তাৰ শৈক্ষিক-বৌদ্ধিক, ভাষা-সাহিত্য,জ্ঞান-বিজ্ঞান, কলা-সংস্কৃতি উত্তৰণৰ সেৱাত এক বৃহৎ সংগঠন হিচাপে অসম জাতীয় বিদ্যালয়ে আগবঢ়াই অহা অৱদানক প্ৰতিফলিত কৰিবলৈ আজিৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ-২০২৩।প্ৰথমবাৰৰ বাবে মহানগৰীৰ বাহিৰত অনুষ্ঠিত হৈছে এই ৰাজ্যিক সমাৰোহ । যোৰহাট জিলাৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট,শিৱসাগৰ, মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হৈছে সমাৰোহখনি।উদ্যোক্তাসকলে জনোৱা মতে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ দুহেজাৰৰো অধিক জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষার্থী, প্রাক্তন শিক্ষার্থী,অভিভাৱক, বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। ইয়াৰ বাবে “চুকাফা সমন্বয় ক্ষেত্ৰ”ৰ চৌহদত একেলগে দহ হেজাৰো অধিক লোকে বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ । তদুপৰি ১৫০০ৰো অধিক লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সুবিশাল ভোজনালয় ব্যৱস্থা কৰা হৈছে।শুক্ৰবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে দিনৰ ১১ বজাত প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ কৰা হৈছে । ইয়াৰ পিছতেই বিয়লি যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই প্ৰতিনিধি শিবিৰ মুকলি কৰিব । পিছবেলা যোৰহাট আৰক্ষী অধীক্ষক মোহন লাল মীনাই শিল্প প্ৰদৰ্শনী আৰু যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° শুভলক্ষ্মী ৰাজকুমাৰী গ্ৰন্থ প্ৰদৰ্শনী উদ্বোধন কৰিব । বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কেন্দ্ৰীয় পৰিষদ,সাধাৰণ পৰিষদ আৰু জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ৰ আদৰণী সমিতিৰ যুটীয়া সভা । সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মৰা হ’ব । দ্বিতীয় দিনা পুৱা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ পতাকা উত্তোলন,দিনৰ ১০ বজাত প্ৰাক্তন শিক্ষৰ্থীৰ সৈতে কথোপকথন অনুষ্ঠান । দিনৰ ১১ বজাৰ পৰা আয়োজিত শৈক্ষিক সভাত অসমৰ চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, বিশিষ্ট বিজ্ঞানী সাহিত্যিক ড° দীনেশ চন্দ্ৰ গোস্বামী,চিন্তাবিদ ময়ূৰ বৰা আৰু স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উপ-সভাপতি ড° দয়ানন্দ বৰগোঁহাই উপস্থিত থাকিব। ইয়াৰ পিছতেই বিয়লি ৪বজাৰ পৰা ২৬ খন জিলাৰ নির্বাচিত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা জিলা ভিত্তিত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানটি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই উদ্বোধন কৰিব। সাংস্কৃতিক অনুষ্ঠানৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ৰবিবাৰে অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব । দিনৰ ১বজাৰ পৰা অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু,বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া,সন্মানীয় অতিথি হিচাপে অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° জিতেন হাজৰিকা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° বিদ্যুৎ চন্দন ডেকা উপস্থিত থাকিব । উল্লেখ্য যে তিনিদিনীয়া সমাৰোহখনিত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰী তথা অভিভাৱকসকল সমাৰোহস্থলীত উপস্থিত হৈ এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ছ্যুকাফা সমন্বয় ক্ষেত্ৰত । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk