নগাঁৱৰ আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান
নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ:–নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ পৰা ২০২৪চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কুৰি গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাত নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈয়ে কয় যে মানুহৰ জীৱনৰ আটাইতকৈ মধুৰ সময় হৈছে হাইস্কুলত পঢ়ি থকা সময়খিনি। লগতে জীৱন গঢ় দিয়াৰ গুৰুত্বপূৰ্ণ সময়ো এই সময়। প্ৰধান শিক্ষক সোণটি কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ বৰা,বেঠাৰাম বৰা,পবিত্ৰ কুমাৰ শইকীয়া,শিক্ষক বুধেন চন্দ্ৰ বৰা,প্ৰমোদ চন্দ্ৰ বৰা, প্ৰেমানন্দ শইকীয়া,ৰোহিত শৰ্মাকে ধৰি বহুকেইবাগৰাকী অতিথিয়ে ভাষণ আগবঢ়ায়। উল্লেখ্য যে বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্রস্থিত বিদ্যালয়খনৰ পৰা ২০২৪বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হৰ্ষিতা কলিতাক মিহিৰাম কলিতা সোঁৱৰণী বঁটা,বীণা ৰাজখোৱা সোঁৱৰণী বঁটা, গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী বঁটা আৰু হলিৰাম নাথ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাসমূহত আছে গামোচা, মানপত্ৰ,নগদ ধন আৰু কিতাপ। লগতে ষ্টাৰ নম্বৰ লাভ কৰা ষোড়শী গোঁহাইকো শিক্ষক সোনটি কলিতা,ৰোহিত শৰ্মা, ভদ্ৰ কান্ত হীৰাই নগদ ধন আৰু গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সমাজকৰ্মী গোবিন্দ হাজৰিকা,গাখজুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল বৰদলৈ, শচীন্দ্ৰ বৰা,ৰাতুল বৰা,মৃণালিনী বৰা, ববীতা বৰা,জ্যোতিস্মান বৰাকে আদি কৰি ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক,অতিথিসহ ৫শতাধিক লোক উপস্থিত থকা সভাৰ শেষত শিক্ষক বিপুল বৰাই শলাগৰ শৰাই আগবঢ়ায় । ঋতু পৰ্ণ শৰ্মা,নগাঁও