পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত উদ্বোধনী অনুষ্ঠান সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৪জুন:–নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড°ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বুধবাৰে এখনি উদ্বোধনী সভা অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকা,উপাধ্যক্ষ ড° কমল শইকীয়া উপস্থিত থাকে ৷ সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ত নতুনকৈ স্থাপন কৰা কাপোৰৰ ভঁড়াল,কম্পিউটাৰ লেব,লাইব্ৰেৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উন্নয়ন পূঁজিৰে নিৰ্মাণ কৰা চাইকেল ষ্টেণ্ডৰ শুভ উদ্বোধন কৰে বিধায়ক জিতু গোস্বামীয়ে ৷ সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড: নৃপেন চন্দ্ৰ দাসে ।


মহাবিদ্যালয়ৰ তৰফৰ পৰা বিধায়কগৰাকীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু স্মাৰক পত্ৰ পাঠ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° কমল শইকীয়াই ৷ আন্তঃগাঁঠনি উন্নয়নৰ স্বাৰ্থত স্মাৰক পত্ৰখনি পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকাই বিধায়ক জিতু গোস্বামীক প্ৰদান কৰে। সভাত উপস্থিত থাকি বিধায়ক জিতু গোস্বামীয়ে কয় বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তিনিখন মহাবিদ্যালয়ৰ ভিতৰত প্ৰথম স্থানত থকা মহাবিদ্যালয়খনেই হৈছে ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ৷১২৮৬ গৰাকী ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়খনত স্থাপন হোৱা কাপোৰৰ ভঁড়ালটোৱে দৰিদ্ৰ ছাত্ৰ -ছাত্ৰীৰ লগতে স্থানীয় দৰিদ্ৰ লোকক সহায় কৰিব বুলি উল্লেখ কৰে বিধায়ক গোস্বামীয়ে। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে মহাবিদ্যালয়খনত থকা অস্থায়ী শিক্ষকৰ পদ সমূহক এটা পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বিষয়াৰ লগত আলোচনা কৰিব বুলি মন্তব্য কৰে। সভাত ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে বঢ়মপুৰ সমষ্টিত এতিয়াও গৰু গোহালীৰ দৰে বিদ্যালয় আছে।

৭০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা এনে বিদ্যালয় বৰষুণ পৰি পঢ়াৰ পৰিবেশ ব্যাঘাত জন্মাইছে। এনে বিদ্যালয় সমষ্টিৰ চুকে-কোণে ঘূৰোঁতে দেখা গৈছে।এনে বিদ্যালয় সমূহৰ আন্তঃগাঁঠনি আৰু পৰিবেশ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অধ্যাপিকা পূণ্যলতা গোঁহাইয়ে আঁত ধৰা সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকা, উপাধ্যক্ষ কমল শইকীয়া, সমাজকৰ্মী প্ৰফুল্ল শইকীয়া,প্ৰাক্তন ছাত্ৰ,ছাত্ৰী সন্মিলনৰ সভাপতি উৎপল বৰাই ভাষণ প্ৰদান কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author