নগাঁৱত “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন
নিউজ ব্যুৰ’,নগাঁও,২০মে’:–নগাঁও টাউনৰ মাজ মজিয়াত শ্বহীদ চন্দন সিং ভৱনৰ কাষত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিৰ কাষত শনিবাৰে “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক এক কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ SI জোনমণি ৰাভাৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত অনুষ্ঠিত এই কবিতা পাঠ অনুষ্ঠানৰ আঁত ধৰে দ্বীপজ্যোতি বৰাই । অনুষ্ঠানত কবিতা পাঠৰ অনুষ্ঠানত শিশু সাহিত্যিক “নূপুৰ মোমাইদেউ” খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য উপস্থিত থাকি কবিতা পাঠ কৰাৰ লগতে S I জোনমণি ৰাভাৰ হত্যাকাৰীক বিচৰাৰ দাবী তীব্ৰতৰ কৰি তোলাৰ লগতে প্ৰয়োজন সাপেক্ষে আন্দোলন কৰাৰ কথা ব্যক্ত কৰে । সংগ্ৰামী সত্বা মোলান লস্কৰে বিজেপি চৰকাৰৰ শাসন কালত অসমখন হত্যাকাৰী আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি দাবী কৰে । কবিতা পাঠ অনুষ্ঠানত উপস্থিত থাকি নাট্যকাৰ,সমালোচক বিপ্লৱ জ্যোতি ভূঞাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনৰ মুক্তহত্যাক প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ গুপ্তহত্যাৰে তুলনা কৰে । আনহাতে প্ৰণিতা শৰ্মাই কোনেও জোনমণিক ন্যায় নিদিলে জোনমণিৰ আত্মাই প্ৰতিজন হত্যাকাৰীৰ প্ৰতিশোধ ল’ব বুলি ব্যক্ত কৰাৰ লগতে জোনমণিৰ স্মৃতি স্মৰণ কৰি শোকাকুল হৈ পৰে । কবিতা পাঠৰ অনুষ্ঠানত নগাঁও কবি সন্মিলনৰ উপ-সভাপতি আশোকৰাম ভট্টাচাৰ্য,চলচিত্ৰ পৰিচালক দিগন্ত বৰা,শিশুবন্ধু দুলাল বৰা,কবি তপন কুমাৰ শৰ্মা,পুৰণিগুদাম কবি সন্মিলনৰ উপ-সভাপতি বিপুল কুমাৰ মজিন্দাৰ,প্ৰণিতা শৰ্মা, চলচিত্ৰ পৰিচালক দিগন্ত বৰা, আদিয়ে কবিতা পাঠ কৰাৰ লগতে নগাঁৱৰ ননৈৰ বিৰিঞ্চি বৰাই কবিতাৰ মাধ্যমেৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ চৰকাৰ বুলি অভিহিত কৰে । অনুষ্ঠানৰ শেষত কবিতা পাঠৰ অনুষ্ঠানৰ প্ৰতিগৰাকী ব্যক্তিয়ে সামূহিকভাৱে অসমৰ প্ৰতিগৰাকী ব্যক্তিক সামাজিক মাধ্যমত “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক কবিতা লিখি S I জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও