নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ সম্পৰ্কে জিলা পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২১মে’:–নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০,শিক্ষক-ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকৰ ভূমিকা” শীৰ্ষক এখনি জিলা পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহনী মোহন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা-উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন বৰাই । ছাত্ৰী কৃষ্টিকন্যা শইকীয়াৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ আলোচনাচক্ৰখনিৰ মূল বিষয়বস্তুটো উত্থাপন কৰে বিদ্যালয়ৰ বিষয় শিক্ষক খগেন শইকীয়াই । ইয়াৰ পাছতে চামগুৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বদৰুজ জামানে প্ৰথমিক স্তৰৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়- বিশ্ববিদ্যালয় স্তৰলৈকে সামৰি “ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০”ৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় । আলোচনা চক্ৰখনিৰ মুখ্য সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱাই ৷ আলোচনা চক্ৰৰ মূল বিষয়ৰ ওপৰত আলোকপাত কৰাৰ পূৰ্বে নিজৰ ভাষণত ড° বেজবৰুৱাই অতীতৰ শিক্ষাগুৰুসকলৰ স্মৃতিচাৰণ কৰি আবেগিক হৈ পৰে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোকপাত কৰি ড° ইন্দ্ৰজিৎ বেজবৰুৱাই কয় যে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”খন এখন শিক্ষাক্ষেত্ৰৰ গুণমালাৰ দৰে । এই নতুন শিক্ষানীতিয়ে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক নতুন দৃষ্টিভংগীৰে সামৰি লৈছে ৷ পুৰণি শিক্ষা ব্যৱস্থাত বহু সময়ত আমাৰ সভ্যতা-সংস্কৃতিৰ কথাবোৰক উপযুক্ত স্থান দিয়া হোৱা নাছিল ৷ আমাৰ ৰামায়ণ-মহাভাৰত,বেদ- বেদান্ত,কীৰ্ত্তন-দশম,আমাৰ স্থাপত্য,আমাৰ শিলালিপি,আমাৰ সাঁচিপাতৰ পুথিয়ে সদায় ৰিঙিয়াই আছে আমাৰ সভ্যতা -সংস্কৃতিৰ সৰ্বোত্তম জ্ঞান পৰম্পৰাৰ কথা । নতুন শিক্ষা নীতিয়ে ভাৰতীয় জ্ঞান পৰম্পৰাক আগস্থান দিয়াৰ কথা কৈছে ৷ তেওঁ কয় যে সাম্প্ৰতিক সামাজিক পৰিবেশত আমাৰ সমাজৰ আগশাৰীৰ মানুহখিনিৰ মনত এটা ভয় সোমাইছে যে স্ব-মাধ্যমত পঢ়োৱালে নিজৰ সন্তানৰ ভবিষ্যত অন্ধকাৰ হ’ব ৷ সেই বেমাৰটো এতিয়া অসমীয়া সমাজখনৰ সকলো মানুহৰ মাজত সোমাইছে ৷ সকলোৰে স্ব-মাধ্যমৰ প্ৰতি বিৰাগ আহিছে ৷ কিন্তু নতুন শিক্ষানীতিয়ে মাতৃভাষাৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ ড° বেজবৰুৱাই আৰু কয় যে আমি সপোন দেখো মাতৃ ভাষাত ৷ ইংৰাজী ভাষা বা জাপানী ভাষাত আমি সপোন নেদেখোঁ ৷ বিদ্যালয়ৰ সহকাৰী শিক্ষক শোণিত ৰঞ্জন হাজৰিকাই “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু মাধ্যমিক পৰ্য্যায়ৰ প্ৰস্তাৱিত শিক্ষা ব্যৱস্থাৰ ওপৰত কেইবাটাও প্ৰাসংগিক প্ৰশ্ন অৱতাৰণাৰে আলোচনা চক্ৰখনি ফলপ্ৰসু কৰি তোলে ৷ সঞ্চালকৰ ভাষণত মোহিনী মোহন ডেকাই কয় যে নতুন শিক্ষা নীতিৰ মূল লক্ষ্য হ’ল ৰাষ্ট্ৰ নিৰ্মাণ ৷ আমাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে অমৃতৰ সন্তান ৷ আমাৰ ছাত্ৰছাত্ৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ ৰূপত গঢ়ি তোলাটোৱেই নতুন শিক্ষা নীতিৰ আধাৰ কৰা হৈছে । বিদ্যালয়ৰ উপাধ্যক্ষা দিপ্তী বৰাই আঁত ধৰা আৰু বিদ্যালয়ৰ অধ্যক্ষা বৃন্দামাই দেৱীয়ে আদৰণি ভাষণ আগবঢ়োৱা আলোচনাচক্ৰখনিত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী শিক্ষাৰ্থী আৰু অভিভাৱকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ উল্লেখ যোগ্য যে আলোচনা চক্ৰৰ ব্যৱস্পানাত আছিল চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ Skill Development and Career Counseling Unit ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author