নগাঁৱৰ উত্তৰ চাংচকীৰ ভগৱান গোহাঁই পাঁচদিনে সন্ধানহীন

1 min read

 

নিউজ ব্যুৰ’,নগাঁও,২৭মে’:–নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চাংচকীৰ ভগৱান গোহাঁই(৫০) ব্যক্তিজন যোৱা ২৩মে’ৰ পৰা সন্ধানহীন হৈ থকা বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে । প্ৰাপ্ত বাতৰি মতে সেইদিনা দিনৰ প্ৰায় এঘাৰ বজাত নিজ ঘৰৰ পৰা কামপুৰ বজাৰৰ পৰা পত্নীৰ বাবে ঔষধ আনিবলৈ গৈ আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই ভগৱান গোঁহাই । পৰিয়ালৰ লগতে সাম্ভাব্য সকলো ঠাইতে পৰিয়ালৰ লোকে বিচাৰি কোনো সন্ধান নোপোৱাত কামপুৰ আৰক্ষী থানাত বিষয়টো অৱগত কৰিছে । কোনো লোকে ভগৱান গোহাঁইৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা / আৰক্ষী চকী নাইবা 8812075550 নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author