নগাঁৱৰ কামপুৰত ইতিহাস সম্বলিত তথ্যচিত্ৰ “নতুন খোজ A New Step”ৰ চিত্ৰগ্ৰহণ

নগাঁৱৰ কামপুৰত ইতিহাস সম্বলিত তথ্যচিত্ৰ “নতুন খোজ A New Step”ৰ চিত্ৰগ্ৰহণ

নিউজ ব্যুৰ’,নগাঁও,৪জুন:–ঐতিহাসিক সমলেৰে সমৃদ্ধ নগাঁও জিলাৰ কামপুৰৰ বৰ্ণিল,বৰ্ণাঢ্য আৰু গৌৰৱোজ্জ্বল ইতিহাসক তুলি ধৰাৰ মানসেৰে কামপুৰ নিউজ নেটৱৰ্কৰ বেনাৰত নিৰ্মিত হ’ব লগা তথ্যচিত্ৰ “নতুন খোজ A New Step”ৰ চিত্ৰগ্ৰহণ ৰবিবাৰে কামপুৰৰ সমীপৱৰ্তী ঐতিহাসিক মাধৱ থানত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। মাংগলিক কাৰ্যসূচীৰে আৰম্ভণি কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে যুৱ সমাজকৰ্মী ৰাজীৱ হাজৰিকাই আৰু নাৰিকল ভাঙি মংগল কামনা কৰে কামপুৰ মাধৱ থান পৰিচালনা সমিতিৰ সভাপতি যাদৱ বৰাই ।

তথ্যচিত্ৰখনিৰ পৰিচালক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানটিত সহকাৰী পৰিচালক নীলকমল শইকীয়া,কাৰিকৰী পৰিচালক কুকিল বৰা,বিশিষ্ট কবি গুণ কাকতী,কামপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শৰৎ গোস্বামী, লেখক ক্ৰমে প্ৰমোদ বৰা,ধৰণী শইকীয়া,কবি প্ৰদ্যুম্ন বৰা,খৰ্গেশ্বৰ বৰা,শকুন্তলা শইকীয়া,বকুল নাথ, সাংবাদিক নৱজ্যোতি লস্কৰ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা সত্য বৰা,”আৰোহণ”ৰ সভাপতি প্ৰসেনজিৎ বৰুৱা, সম্পাদক দেৱপ্ৰতিম বৰঠাকুৰ,সাংস্কৃতিক কৰ্মী অঞ্জন ভূঞা,গ্ৰন্থপ্ৰেমী মৃদুস্মিতা লস্কৰ, সমাজকৰ্মী মতিউৰ ৰহমান, জয়কান্ত হাজৰিকা,মাধৱ শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।উল্লেখ্য যে তথ্যচিত্ৰখনিত বৃহত্তৰ কামপুৰ অঞ্চলৰ ইতিহাস সমৃদ্ধ থান আৰু ঐতিহাসিক স্থানসমূহে স্থান পাব বুলি পৰিচালক ৰাজু সমীৰণে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা ,নগাঁও

GTM Desk

Related