Advertisement

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১০জুন:–নগাঁও জিলাৰ কলিয়াবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীৰ “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” অনুষ্ঠিত হয় । অনুষ্ঠানত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হেমন্ত হাজৰিকা আৰু চুমন চৌহান তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ ছাত্ৰ হিমজ্যোতি বৰা,ভীম চৌহানৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ শিৱম নেৱাৰ, ৰাজীৱ কুমাৰ আৰু মৃন্ময় শইকীয়াক অভিনন্দন পত্ৰ,কলম, গামোচা,কিতাপ,ডায়েৰী,নোটবুক, আদিৰে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । নিজ নিজ বিষয়ত লেটাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক বিশেষভাৱে সম্বৰ্ধনা জনায় জ্যেষ্ঠ শিক্ষক উত্তম কুমাৰ শইকীয়া আৰু নীলাঞ্জনা দাসে।
বিদ্যালয়ৰ অধ্যক্ষ বন্তি দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক বিৰাজ ভূষণ বৰাই আঁত ধৰা “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান”ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা বক্তব্যৰে ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰে বিদ্যালয় পৰিচলনা সমিতিৰ সভাপতি অচ্যুত শইকীয়া,উপ-সভাপতি গৌতম খাউণ্ড আৰু জখলাবন্ধা গাঁও পঞ্চায়তৰ সভাপতি তৃষা শইকীয়াই । এই অনুষ্ঠানতে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অভিভাৱকসকলে অনুভৱ ব্যক্ত কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related