“কাজিৰঙা মহোৎসৱ–২০২৩”ত নগাঁও দলৰ সাফল্য

“কাজিৰঙা মহোৎসৱ–২০২৩”ত নগাঁও দলৰ সাফল্য

 

নিউজ ব্যুৰ’,নগাঁও,১৪জুন:–তিনিচুকীয়াত অনুষ্ঠিত “কাজিৰঙা মহোৎসৱ–২০২৩” ত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ এগৰাকী নৃত্যসাধক তথা নৃত্য গুৰু পাৰ্থ প্ৰতিম দাসে “ৰাষ্ট্ৰীয় গুৰু ৰত্ন” বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰা কাজিৰঙা মহোৎসৱত পাৰ্থপ্ৰতিম দাসৰ লগতে বিশ্বজিৎ দাস,অঞ্জলী দাস,দিয়াৰাণী দাস,নীলাঞ্জনা বেজবৰুৱা,বেদাংগনা কাশ্যপ,ভাৰ্গৱী বৰা,পৰিস্মিতা পিংগলীকা শইকীয়া,নিতুল হাজৰিকাইও অংশগ্ৰহণ কৰি “কাজিৰঙা নৃত্য ৰত্ন বঁটা–২০২৩” লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত মহোৎসৱত নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীয়ে বিহু নৃত্য,কথক নৃত্য আৰু আধুনিক নৃত্য পৰিৱেশন কৰিছিল । উল্লেখ্য যে এতিয়া আটাই কেইগৰাকী নৃত্য শিল্পীৰ সফলতাত নগাঁওবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে । ইয়াৰ পূৰ্বেও পাৰ্থপ্ৰতিম দাসে কেইবাবাৰো আন্তঃৰাষ্ট্ৰীয় বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল। উক্ত মহোৎসৱত নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীয়ে কথক নৃত্য,বিহু নৃত্য আৰু আধুনিক নৃত্য পৰিৱেশন কৰিছিল। উল্লেখ্য যে এতিয়া নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীৰ সফলতাত নগাঁওবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related