Advertisement

নগাঁৱত প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মত বিনিময় অনুষ্ঠান-গণ স্বাক্ষৰ অভিযান

নগাঁৱত প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মত বিনিময় অনুষ্ঠান-গণ স্বাক্ষৰ অভিযান

নিউজ ব্যুৰ’,নগাঁও,১৭জুন:–নগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা,সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ,সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাৰ সহযোগত শনিবাৰে নগাঁৱত মত-বিনিময় আৰু গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সন্মিলনীৰ জিলা সভাপতি ৰূপ সাগৰ দাসে ।
সভাত উপস্থিত সকলোৱে প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ উপৰিও সন্মিলনীয়ে উত্থাপন কৰা দাবীসমূহ শীঘ্ৰে পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনায় । সভাই এক প্ৰস্তাৱ যোগে চৰকাৰক সন্মিলনীৰ দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনায় । উত্থাপন কৰা দাবীসমূহ হৈছে —– প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়া,ঠিকা ভিত্তিক প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা,পুৰণি পেঞ্চন নীতি বাহাল ৰখা,প্ৰাথমিক বিদ্যালয়ত নিযুক্ত স্নাতক শিক্ষকৰ কৰ্তন কৰা গ্ৰেড পে’ পুনৰ প্ৰৱৰ্তন কৰা,মুখ্যমন্ত্ৰী বৃত্তি পৰীক্ষা পুনৰ আৰম্ভ কৰা আৰু ছাত্ৰ-ছাত্ৰীক সময়মতে পাঠ্যপুথি তথা অভ্যাসন বহী যোগান ধৰা আদি । এই দাবীসমূহ পূৰণ নকৰিলে সন্মিলনীয়ে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। সন্মিলনীৰ জিলা সম্পাদক পৱনজ্যোতি বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সন্মিলনীৰ ৰাজ্যিক সমিতিৰ প্ৰতিনিধি,নগাঁও জিলা সাহিত্য সভা,নগাঁও জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মানৱ অধিকাৰ সংগ্ৰাম সমিতি, নগাঁও জিলা তিৱা ছাত্ৰ সন্থা,নগাঁও জিলা কবি সন্মিলন,নগাঁও জিলা টাই আহোম ছাত্ৰ সন্থা,অসম জাতীয় পৰিষদ,চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, এন পি এছ কৰ্মচাৰী সন্থা হাইস্কুল শিক্ষক সন্থা,উচ্চতৰ মাধ্যমিক শিক্ষক সন্থাকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সভাখনত উপস্থিত সকলোৱে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ দাবীৰ সমৰ্থনত গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰে । সভাত শলাগৰ শৰাই আগবঢ়াই সন্মিলনীৰ নগাঁও মহকুমা সম্পাদক প্ৰফুল্ল বৰাই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related