লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক শীলা বৰঠাকুৰৰ মৃত্যু বাৰ্ষিকী উদযাপন,নৃত্য শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী বঁটা প্ৰদান
নিউজ ব্যুৰ’,নগাঁও,২২জুন:–সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত অসমৰ মহিলাৰ বাবে গঢ়ি তোলা সাহিত্য,সংস্কৃতি আৰু সমন্বয়ৰ মুকলি মঞ্চৰ প্ৰতিস্থাপক পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকীৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক নৃত্য শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠকৰ বঁটা প্ৰদান অনুষ্ঠানটি বুধবাৰে অনুষ্ঠিত হৈ যায় । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়া আৰু সদস্যাৰ উপস্থিতিত গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত দিনজোৰা কাৰ্য্যক্রমণিকাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম প্ৰেক্ষাগৃহত উদযাপিত বঁটা প্ৰদান অনুষ্ঠানটি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্রী সুবৰ্ণ শইকীয়া বৰদলৈয়ে আৰু পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাৰোহৰ প্ৰাক্তন সভানেত্রী স্বৰ্ণ বৰুৱা গগৈ তথা মাল্যাৰ্পণ কৰে কাৰ্যকৰী সভানেত্রী পুষ্পা গগৈয়ে । বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক নৃত্য শিল্পী ষড়ানন বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্রমে আভা বৰা আৰু ড৹ সঞ্জীৱ বৰঠাকুৰে ।
স্মৃতি বঁটা প্ৰদানৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্রমে ড° ভাৰতী দত্ত আৰু বিভা বুজৰবৰুৱাই । “চিৰ চেনেহী মোৰ ভাষা জননী”গীতেৰে আৰম্ভ হোৱা সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্রী সুবৰ্ণ শইকীয়া বৰদলৈয়ে সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে প্ৰাক্তন সভানেত্রী ড° চাৰু চহৰীয়া নাথে। সভাত বিশিষ্ট সংস্কৃত পণ্ডিত ড° দীপক কুমাৰ শৰ্মাই ভাষণত কয় যে এটা সময়ত ভাৰতৰ সাহিত্য মানে সংস্কৃত সাহিত্য,এতিয়া ভাষা বেলেগ কিন্তু সাহিত্য এক কাৰণ আমাৰ ধাৰণা এক। বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই কয় যে লেখক হ’বলৈ সাধনা লাগে । কামৰূপ মহানগৰ জিলাৰ সভানেত্রী নন্দিতা চলিহাই আদৰণি ভাষণ আগবঢ়োৱা সভাত নৃত্যশিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠক বঁটা প্ৰদান কৰা হয় বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ধনদা কলিতা আৰু গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্রী জয়ন্তী দাসক । সভাত বিভিন্ন দিশত স্ব-মহিমাৰে প্ৰৌজ্জ্বল তিনিগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । তেখেতসকল হৈছে ক্ৰমে শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰাপক ডিলিট উপাধিৰে সন্মানিত ভৱ প্ৰসাদ চলিহা,কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰাপক নৰেন কলিতা আৰু গুৱাহাটী পলি ক্লিনিকৰ স্বত্ত্বাধিকাৰ ডাঃ প্ৰবীৰ বৰদলৈ।
সভাত জ্যোতি বৰুৱাৰ এখনি গ্ৰন্থও উন্মোচন কৰা হয় । শলাগৰ শৰাই আগবঢ়ায় কামৰূপ মহানগৰ জিলাৰ সম্পাদিকা সোণালী বৰা হাজৰিকাই । সভাৰ অন্তত জাতীয় সংগীতেৰে সভাৰ দিনযোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও