Advertisement

অনলাইন মাধ্যমত শিশু আলোচনী “কাণখোৱা” উন্মোচন

অনলাইন মাধ্যমত শিশু আলোচনী “কাণখোৱা” উন্মোচন

 

নিউজ ব্যুৰ’,নগাঁও,২৫জুন:–শিশু মনক অনুপ্ৰাণিত কৰা তথা শিকন আৰু সৃষ্টিশীলতাৰ প্ৰতি অনুৰাগ গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা “কাণখোৱা” নামৰ এখন অনলাইন শিশু আলোচনী শনিবাৰে উন্মোচন কৰা হয় । অনলাইন মাধ্যমতে আলোচনীখনৰ উন্মোচন কৰে লেখক-সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে । আলোচনীখনৰ প্ৰসংগত সন্দিকৈয়ে কয় যে “কাণখোৱা” নামৰ অকণিহঁতৰ বাবে প্ৰকাশ কৰা অনলাইন আলোচনীখন যিয়েই এবাৰ দৰ্শন কৰিছে,তেওঁ অনুভৱ কৰিব কিমান সৰ্বাংগসুন্দৰ ৰূপত অতি দায়িত্ব সহকাৰে আৰু দায়বদ্ধতাৰে শিশুৰ বাবে এই কাম কৰা হৈছে । এই অনলাইন আলোচনীখনৰ প্ৰতিটো লেখা আগ্ৰহেৰে পঢ়াৰ পাছত এই কথা ক’ব পাৰি যে সময়ৰ সৈতে খোজ মিলাই এনে এখন অনলাইন শিশু আলোচনীৰ প্ৰয়োজনীয়তাকেই যেন সকলোৱে অনুভৱ কৰি আহিছিল। ডিজিটেল যুগত শিশুৰ কল্পনা শক্তিক লালন-পালন কৰা আৰু ইতিবাচক তথা শিক্ষামূলক বিষয়বস্তু প্ৰদানত গুৰুত্ব দিব বিচৰা আলোচনীখনত শিশু মনক খোৰাক যোগাব পৰাকৈ পদ্য-কবিতা, সাধু-গল্প,জানো আহাঁ,অংশগ্ৰহণ কৰিব পৰা কুইজ,শিশুৰ লেখা,ছবি,ভিডিঅ’ আদিৰ সংযোজন কৰা হৈছে । “কাণখোৱা” আলোচনীখনৰ প্ৰসংগত ইতিমধ্যেই বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা,শিশু আলোচনী “মৌচাক” আৰু “নতুন আৱিষ্কাৰ”ৰ সম্পাদক শান্তনু তামুলী,শিশু সাহিত্যিক নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যই প্ৰশংসা আৰু আৰ্শীবাদ পোষণ কৰিছে । উল্লেখ্য যে https://kankhowa.in ঠিকনাত উপলব্ধ হোৱা শিশু আলোচনীখনৰ বাবে শিশুৰ লেখা, ছবি তথা শিশু উপযোগী লেখা-মেলা edit@kankhowa.in ই-মেইল ঠিকনাত প্ৰেৰণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে । ভূপেন শৰ্মা,ভূপেন্দ্ৰনাথ হাজৰিকা,প্ৰকল্প ৰঞ্জন ভাগৱতী, অভিজিত দত্ত,অনিৰ্বাণ দত্ত আদি অসমৰ ভিন্ন প্ৰান্তৰ কেইবা গৰাকীও লেখক-সাহিত্যিক জড়িত থকা “কাণখোৱা” আলোচনীখনৰ মুখ্য সম্পাদক ৰূপে আছে পল্লৱ প্ৰাণ গোস্বামী আৰু পৰিচালন সম্পাদক ৰূপে আছে দুলাল বৰা ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related