38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

Assamese Newsনগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

 

নিউজ ব্যুৰ’:–নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইদঙীয়াত দেওবাৰৰে পৰা তেৰদিনীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইদঙীয়া আঞ্চলিক সমিতি আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আৰম্ভ কৰা হৈছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা ৷ দেওবাৰে বিয়লি কৰ্মশালাখনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা প্ৰবীণ দাসে ৷ যুৱ সমাজকৰ্মী জগত জ্যোতি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া,যুটীয়া সম্পাদক হেমন্ত কুমাৰ দাস আৰু মিলন দাস,ৰাইদঙীয়া আঞ্চলিকৰ সভাপতি সুমন দাস,সম্পাদক ধৰ্মেন্দ্ৰ বৰা,সমাজসেৱক প্ৰবীণ কলিতা,ধন্তি বৰা,বাপধন মহন্ত, বাপুৰাম দাস,প্ৰবীণ শিল্পী মাণিক কলিতা,সমাজকৰ্মী প্ৰদীপ বৰা, অনু দাস,প্ৰতিভাৱান অভিনেতা নিৰঞ্জন বৰাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে । অঞ্চলৰ কণকণ শিশু,কিশোৰ-কিশোৰী, যুৱক-যুৱতীসহ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে জাগৃতি কলিতা,ৰিম্পি কৌৰ, কিৰণ বৰা,হিৰণ্য বৰুৱা আৰু কমল বৰাই প্ৰশিক্ষণ প্ৰদান কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!