নগাঁও জিলাৰ জুৰীয়াৰ এজন সমাজ কৰ্মীৰ মৃত্যুক লৈ শোকাকুল জুৰীয়া ৷

1 min read

নগাঁও জিলাৰ জুৰীয়াৰ এজন সমাজ কৰ্মী তথা জনপ্ৰিয় সাংস্কৃতিক বান লোক ও ব্যৱসায়ীৰ মৃত্যুক লৈ শোকাকুল হৈ পৰিছে সমগ্ৰ জুৰীয়াৰ অসমীয়া সমাজ ৷ মহামাৰী কৰোণাত আক্ৰান্ত হৈ GNRC ত চিকিৎসাধানী হৈছিল ৰবিন বৰা দেৱ ৷ দুটা দিন অতিক্ৰম কৰাৰ পাছত তেওঁৰ শৰীৰত অষ্কিজেনৰ পৰিমাণ হ্ৰাস পোৱাত ভেন্টিলেচনত দিয়া হয় ৰবিণ বৰা দেৱক৷ ভেন্টিলেচনত দিয়াৰ পাছতেই লাহে লাহে তেওঁৰ শৰীৰত অষ্কিজেনৰ পৰিমান কমি যায় আৰু অৱশেষত তেওঁৰ মৃত্যু মুখত পৰিব লগাত পৰে ৷ তেওঁৰ মৃত্যুক লৈ জুৰীয়া শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ , জুৰীয়া সাৰ্ব্বজনীন ৰঙালী বিহু উৎসৱ উদযাপন সমিতি , জুৰীয়া সংবাদ ক্লাব , জুৰীয়া প্ৰেছ ক্লাব , জুৰীয়া দুৰ্গা পূজা উদযাপন সমিতি লগতে অন্যান্য সমাজ সমিতিয়ে তেওঁৰ মৃত্যুক লৈ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে আত্মাৰ চিৰ শান্তিৰ কামনা কৰে ৷

You May Also Like

More From Author