18.2 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

অসম বিজ্ঞান সমিতিৰ নগাঁৱৰ জাজৰি শাখাৰ ক্ষুদ্ৰ অৰণ্য সৃষ্টিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

Assamese Newsঅসম বিজ্ঞান সমিতিৰ নগাঁৱৰ জাজৰি শাখাৰ ক্ষুদ্ৰ অৰণ্য সৃষ্টিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৫জুন :– অসম বিজ্ঞান সমিতিৰ নগাঁও জিলাৰ জাজৰি শাখাৰ উদ্যোগত আৰু ১৬ নং অসম আৰক্ষী (ভাৰত সংৰক্ষিত)বাহিনীৰ সহযোগত বুধবাৰে বেবেজীয়াৰ নিকটৱৰ্তী জাজৰি বৰমনণিপুৰৰ ১৬ নং অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত এখন ক্ষুদ্ৰ অৰণ্য সৃষ্টিৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন কৰা হয় । শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয় ।

অসম বিজ্ঞান সমিতিৰ জাজৰি শাখাৰ সাধাৰণ সম্পাদক জানমণি বৰাই আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে শাখাৰ সভাপতি মোহিনী মোহন ডেকাই । উদ্বোধনী ভাষণ প্ৰদান কৰি ১৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাই তথ্য আৰু যুক্তিৰে পৰিপূৰ্ণ এক চিন্তা উদ্বেগকাৰী ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত অধিনায়ক ডেকাই কয় যে আমি গছৰ পুলিটো মাটিত ৰোৱাৰ আগতে নিজৰ মগজুত ৰোপন কৰিব লাগে । মানুহে ব্যক্তিগত আৰু ৰাজহুৱা কৰ্মত নিজৰ সীমাবদ্ধতাৰ উপলব্ধিক প্ৰাধান্য দিয়া উচিত বুলিও ডেকাই মত পোষণ কৰে । সভাত আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ধনঞ্জয় কুশ্ৰে উপস্থিত থাকে । অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল প্ৰশিক্ষণৰত আৰক্ষী জোৱানসকল। অনুষ্ঠানত স্থানীয় জ্যেষ্ঠ নাগৰিক আৰু আৰক্ষী বাহিনীৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতি আছিল অতি সন্তোষ জনক । বক্তৃতা অনুষ্ঠানৰ অন্তত প্ৰস্তাৱিত ক্ষুদ্ৰ অৰণ্যস্থলীত সভাত উপস্থিত থকা সকলোৱে একোটাকৈ গছ পুলি ৰোপণ কৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: