17 C
Assam
Sunday, November 27, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

নগাঁৱৰ বেবেজীয়াৰ হস্ততাঁত-বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ

Assamese Newsনগাঁৱৰ বেবেজীয়াৰ হস্ততাঁত-বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ

নিউজ ব্যুৰ’,নগাঁও,৬ জুলাই:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ নিবাসী,বিশিষ্ট সমাজকৰ্মী তথা হস্ততাঁত বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল ৫৮ বছৰ ।

উল্লেখ্য যে যোৱা নিশা প্ৰায় ১১ বজাত স্নানাগাৰৰ পৰা শৰ্মা ওলাই আহিব ধৰোঁতেই মজিয়াত ঢলি পৰে । পৰিয়ালৰ সদস্যই ততালিকে তেখেতক নিশায়েই নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটীলৈ নিয়াৰ পথত জাগীৰোডত শেষ নিশ্বাস ত্যাগ কৰে । অসম চৰকাৰৰ হস্ততাঁত আৰু বয়ন শিল্প বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক তথা হিচাপ পৰীক্ষক হিচাপে কৰ্মৰত শৰ্মাই চাকৰি জীৱনৰ সমান্তৰালকৈ অঞ্চলৰ বহুকেইটা সামাজিক-সাংস্কৃতিক-ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল । ইপিনে আজি যতীন্দ্ৰ নাথ শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত অসংখ্য গুণমুগ্ধ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পাছত এক শোকাকুল পৰিৱেশত আজি পুৱা অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত শৰ্মাই এজন পুত্ৰ,এগৰাকী জীয়ৰীৰ উপৰি দুই ভাতৃ তথা এগৰাকী ভাই বোৱাৰীৰ লগতে এটি বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ যায় । সদা হাস্যমুখী তথা অমায়িক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ বেবেজীয়া অঞ্চলত শোকৰ ছাঁ পৰে । #শোকসভা#— যতীন্দ্ৰ নাথ শৰ্মাৰ পত্নী প্ৰয়াত ৰূপালী শৰ্মা বেবেজীয়াৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী আছিল । ২০১৫ চনৰ ২১জুনত ৰূপালী শৰ্মাৰ পৰলোকপ্ৰাপ্তি হৈছিল । ৰূপালী শৰ্মাৰ স্বামী হোৱা হেতুকে যতীন্দ্ৰ নাথ শৰ্মাৰ বিদ্যালয়খনৰ সৈতে জড়িত হৈ পৰিছিল । আজি পুৱা শৰ্মাৰ মৃত্যুৰ খবৰ পোৱা পাছতে বিদ্যালয়খনত এখন শোকসভা অনুষ্ঠিত কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: