নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযোগিতাত ৩৩ পদক অৰ্জন
নিউজ ব্যুৰ’,নগাঁও,৭জানুৱাৰী:–নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে সুনাম কঢ়িয়াই আনিছে ৰাজ্যলৈ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত “বাংগালুৰু ললিথ কলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্ট”য়ে আয়োজন কৰা বিভিন্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ৩৩ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ১৪জনে প্ৰথম স্থানসহ সোণৰ পদক,১২জনে দ্বিতীয় স্থানসহ ৰূপৰ পদক আৰু ৭জনে তৃতীয় স্থানসহ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ৷ লগতে প্ৰতিযোগিতাত দেশৰ ভিতৰত বিদ্যালয়খনৰ তিনি ছাত্ৰ-ছাত্ৰীয়ে “কলাৰত্ন” পদ লাভ কৰিছে ৷ “কলাৰত্ন” পদ লাভ কৰা তিনিজন হৈছে আমন দ্বীপ হাজৰিকা,বৈষ্ণৱী প্ৰাগশ্ৰী কলিতা আৰু ঋষিকা ভট্টাচাৰ্য ৷ উল্লেখ্য যে ললিথ কলা চেন্টাৰে ২০২২ বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা প্ৰতিযোগিতাখনিত দেশৰ ৫,৩২৭ খন চিত্ৰাংকন বিদ্যালয়ৰ ২লাখ ৭০হাজাৰ ১৮৯ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিছিল ৷ প্ৰতিযোগিতাখনিত ফলাফল ঘোষণাৰ পিছত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ তিনিজনে কলাৰত্ন পদকৰ উপৰি ১৪ জনে সোণৰ,১২জনে ৰূপৰ আৰু ৭জনে ব্ৰঞ্জৰ পদকসহ ৩৩ টাকৈ পুৰস্কাৰ লাভৰ তালিকাত নাম সনিৱিষ্ট হোৱাৰ পিছত অধ্যক্ষ প্ৰদীপ মজুমদাৰৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকল উৎফুল্লিত হৈ পৰিছে ।
ইফালে কলকতা সুৰনন্দন ভাৰতীৰ ২০২২ বৰ্ষৰ সপ্তম বাৰ্ষিক চিত্ৰাংকন(অংকন) পৰীক্ষাত প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ তিনিজন ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত কৃতিত্ব অৰ্জন কৰিছে ৷ সৰ্ব ভাৰতীয় পৰ্যায়ত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা কৃতিমানৰ নাম হৈছে ক্ৰমে মেঘনা শাণ্ডিল্য,অৰিজিতা দাস আৰু অনুৰণন শৰ্মা ৷ বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰক “নন্দন চিত্ৰ” বঁটা প্ৰদান কৰাৰ লগতে তেজিব ভূঞা,নেহা ভূঞা,পৰীক্ষিত গায়ন বৰা,দৃশিকা বৰা,প্ৰীতিশা শইকীয়া, অৰ্ণব পৰাশৰ,মেঘনা শাণ্ডিল্য, অৰিজিতা দাস আৰু অনুৰণন শৰ্মাক “চিত্ৰশ্ৰী” বঁটাৰে বিভূষিত কৰিছে সুৰনন্দন ভাৰতীয়ে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও