25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

নগাঁৱত বৰ্ষীয়ান ৰাজনীতিবিদ, শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” গ্ৰন্থ উন্মোচন

Assamese Newsনগাঁৱত বৰ্ষীয়ান ৰাজনীতিবিদ, শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ "ৰঙা ৰ'দৰ পম খেদি" গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৮জানুৱাৰী:–বৰ্ষীয়ান ৰাজনীতিবিদ,শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” শীৰ্ষক গ্ৰন্থখনি ৰবিবাৰে উন্মোচন কৰা হয় ৷ এই উপলক্ষে নগাঁও জিলা সাহিত্য সভা ভৱনত আয়োজিত বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাই । গ্ৰন্থখন উন্মোচন কৰি দীপ্তি কুমাৰ বৰুৱাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । বাণেশ্বৰ শইকীয়াই দীৰ্ঘদিন ধৰি কমিউনিষ্ট আন্দোলনৰ গুৰি ধৰি অহাৰ কথা উল্লেখ কৰাৰ লগতে শইকীয়াৰ এই গ্ৰন্থখনত বিভিন্ন ঘটনা প্ৰৱাহৰ উন্মেষ ঘটিছে বুলি মন্তব্য কৰে দীপ্তি কুমাৰ বৰুৱাই ৷ সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ তথা সাহিত্যিক ড° ৰাজেন শইকীয়াই কয় যে বাণেশ্বৰ শইকীয়াৰ গ্ৰন্থই সকলোকে উপকৃত কৰিব ৷ সমাজৰ পৰিবৰ্তনৰ বাবে বিপ্লৱৰ প্ৰয়োজন ৷ জাতীয়তাবাদৰ বহু ৰূপ আছে ৷ ক্ৰমশঃ আঞ্চলিক শক্তিয়ে গা কৰি উঠিছে ৷ এনে প্ৰেক্ষাপটত বাওঁপন্থীসকলে আত্ম বিশ্লেষণ কৰা প্ৰয়োজন ৷ মুক্তিতকৈ ডাঙৰ প্ৰশ্ন একো নাই ৷ মুক্তিৰ বাৱে বিপ্লৱ কৰিব লাগিব ৷ বিজেপি চৰকাৰে দৰিদ্ৰ মানুহক চুই যাব পৰাকৈ গ্ৰহণ কৰা আঁচনি সমূহৰ কথা বাওঁপন্থী সকলে দীৰ্ঘদিন কৈ আহিছে। বাওঁপন্থীসকলে এইকথা ৰাইজৰ মাজলৈ লৈ যাব পৰা নাই ৷
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক মুনিন মহন্তই সাম্প্ৰতিক পৰিস্থিতিৰ কথা বাখ্যা দাঙি ধৰি কয় যে সাম্প্ৰতিক সময়ত বাওঁপন্থীৰ অগ্ৰগতিত ভেটা পৰিছে ৷ বাওঁপন্থী আন্দোলনৰ গতিত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ জাতি ৰক্ষা কৰাটোৱেই এতিয়া ডাঙৰ সমস্যা হৈছে ৷ সভাত শিক্ষাবিদ আব্দুল চালাম,জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা,অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰেন্দ্ৰ শৰ্মা,সমাজকৰ্মী মুকুট ভূঞাঁ,অৰূপ মহন্ত,মৃদু পৱন বৰা, মোলান লস্কৰ,সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ গায়ন,খগেন শইকীয়া, দুলাল বৰা,গোলাপ বৰা,পৰী বৰুৱা,গুণ কাকতি,দেৱেন শইকীয়া,দময়ন্তী দাস,বীৰেণ ডেকাকে আদি কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । ৰাতুল বৰাই আঁত ধৰা আৰু নিজৰা শইকীয়াৰ বৰগীতৰে আৰম্ভ হোৱা সভাত গ্ৰন্থখনৰ লিখক বাণেশ্বৰ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!