আঢ়ৈশ বছৰ গৰকা নগাঁৱৰ পূব জামুগুৰি নামঘৰৰ প্ৰতিষ্ঠা দিৱসত ভাগৱত পাঠ আৰু মহানামৰ সামৰণি

1 min read

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আজি সফলভাৱে সামৰণি পৰে । আজি দ্বিতীয় দিনা কাৰ্যসূচী অংশ হিচাপে পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ,খোল প্ৰসংগ আৰু নাম প্ৰসংগৰ পাছতে ভাগৱত পাঠৰ সামৰণি পৰে । ভাগৱত পাঠৰ অন্তত অনুষ্ঠিত হয় মহানাম । বাৰপূজীয়া আৰু ঘূমতিগাঁৱৰ সন্মিলিত নামতি দলে মহানাম পৰিবেশন কৰে । মহানামত জামুগুৰিৰ লগতে শেনছোৱাৰ নাথ-যোগী নামতিসকলে অংশগ্ৰহণ কৰে । মহানামৰ অন্তত জামুগুৰিৰ ঐতিহ্যণ্ডিত নামঘৰটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বৰ্ষীয়ান ব্যক্তি ভৈৰৱ হাজৰিকা, খগেন নাথ(ভোগী),নামঘৰীয়া তনুৰাম নাথ,সদ্য পি এইচ ডি প্ৰাপ্ত কল্পিতা দেৱীৰ লগতে নামঘৰৰ নামচাৰ্য,পাঠেক আৰু মেধি- দেউৰীসকলক একোখনকৈ অংগবস্ত্ৰৰে আদৰণি জনোৱা হয় । সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় । উল্লেখ্য যে ভাগৱত পাঠ আৰু মহানামৰ কাৰ্যসূচীৰ প্ৰথমদিনা কালি পুৱা গায়ন-বায়ন আৰু দিহানামেৰ পৰিবেষ্টিত হৈ ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চলৰ কৃষ্ণ নামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে । ইয়াৰ পিছতে আইসকলৰ থিয় নাম, দিহানামকে ধৰি হৰিনামৰে ধ্বনিৰে সমগ্ৰ নামঘৰ প্ৰাংগণ ভক্তিৰসত বুৰ যায় । দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ আৰু নাম প্ৰসংগ । ভাগৱত পাঠ অনুষ্ঠানটিত পাঠ কৰে সৰাগাঁৱৰ অনিল চন্দ্ৰ নাথ, মৰিগাঁৱৰ জগন্নাথ নাথ, বাৰপূজীয়াৰ দুলন চন্দ্ৰ নাথ, বামুণবড়িৰ লক্ষীধৰ নাথে । অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আঁত ধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী বিৰচিং নাথ,সৰুৰাম নাথ,পূৰ্ণ কান্ত নাথ, লক্ষেশ্বৰ নাথ,মুনীন্দ্ৰ নাথ,হীৰেণ নাথ,বুদ্ধ নাথ তিলেশ্বৰ নাথ,কৃষ্ণ নাথ,প্ৰফুল্ল নাথ,কিৰণ নাথ,গুণেন্দ্ৰ নাথ টংকেশ্বৰ নাথ,হৰিচৰণ নাথ, অম্বিক নাথৰ লগতে আই-মাতৃ সকল উপস্থিত থাকে । নিশা অবিৰতভাৱে ভাগৱত পাঠ চলি থাকে বুলি উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author