ঘৰত নেইল ৰিম’ভাৰ নাথাকিলেও এনেকৈ ঘৰতে প্রস্তুত কৰক ৰিম’ভাৰ…

0 min read

কিশোৰী–যুৱতীসকলে নিজৰ সৌন্দর্যক লৈ যথেষ্ট সচেতন৷ কিন্তু কেতিয়াবা নখত আধা যোৱা নেইল পলিচে যুৱতীৰ সৌন্দর্য হানি কৰে৷ সকলো সময়তে ঘৰত ৰিম’ভাৰ নাথাকিবও পাৰে৷ এনেক্ষেত্রত চিন্তা কৰাৰ পৰিৱর্তে ঘৰতে ৰিম’ভাৰ প্রস্তুত কৰিব পাৰে৷

১.ডিঅ’ড্রেণ্ট ব্যৱহাৰ কৰিব৷ ডিঅ’ড্রেণ্টৰ সহায়ত নেইল পলিচ আঁতৰাব পাৰি৷ কাৰণ ডিঅ’ড্রেণ্টৰ ৰিম’ভাৰত নিহিত হৈ থকাৰ দৰেই কিছুমান উপাদান থাকে, যিবোৰে নেইল পলিচ আঁতৰাব পাৰে৷ ইয়াৰ বাবে প্রথমে নখত ডিঅ’ড্রেণ্ট স্প্রে কৰি কপাহেৰে মোহাৰি দিব লাগে৷

২.স্পিৰিট ব্যৱহাৰ কৰিব৷ স্পিৰিটত এলকহল থাকে৷ আপোনাৰ কোনো কাৰণত নখত সংক্রমণ ঘটিলে স্পিৰিট ব্যৱহাৰ কৰিব পাৰে৷ কাৰণ স্পিৰিটত বিজাণুনাশক থাকে৷ অৱশ্যে স্পিৰিট ব্যৱহাৰ কৰিবলৈ প্রথমতে আপোনাৰ নখ ৫ মিনিটৰ বাবে কুহুমীয়া পানীত ডুবাই ৰাখিব৷ তাৰ পাছত হাতখন উলিয়াই মোহাৰি ল’ব আৰু কপাহত স্পিৰিট লগাই নখত ঘঁহিব৷

৩.নেইল পলিচ ব্যৱহাৰ কৰিব পাৰে৷ নেইল পলিচে নেইল ৰিম’ভাৰৰ কামো কৰে৷ যদিও আপোনাৰ পুৰণি ব্যৱহাৰ নোহোৱা নেইল পলিচ আছে, তেন্তে নখত এটা কোটত নেইল পলিচ লগাই লগে লগে কপাহেৰে মোহাৰি দিব৷ কিন্তু নতুনকৈ লগোৱা নেইল পলিচখিনি শুকালে আপোনাৰ উদ্দেশ্য পূৰণ নহ’ব৷

৪.এপল ছাইডাৰ ভিনেগাৰ আৰু নেমুৰ ৰস লৈ ভালদৰে মিহলাব৷ এতিয়া দুয়োখন হাতৰ নখ কুহুমীয়া পানীত পাঁচ মিনিটৰ বাবে ডুবাই ল’ব৷ হাত দুখন ভালদৰে মোহাৰি ভিনেগাৰ আৰু নেমু মিহলাই নখৰ ওপৰত ১০ ছেকেণ্ডৰ বাবে ৰাখি লাহে লাহে মোহাৰি দিব৷ ভালদৰে যদি নেইল পলিচ আঁতৰি নাযায়, তেন্তে পুনৰ এই পদ্ধতি অৱলম্বন কৰিব৷

You May Also Like

More From Author