Nalbari || ৭ নং পূৱ বাহঁজানী পঞ্চায়তৰ অধিনৰ বালা– মুগকুছি চ’কত লক্ষ্য লক্ষ্য চৰকাৰী ধনেৰে ষ্ট্ৰীট লাইটৰ নামত ফলদানী

1 min read

হয়, নামত ঠিকেই আছে পিছে কামত হ’লে নাই পুৱ নলবাৰী উন্নয়ন খণ্ডৰ অধিনৰ ৭ নং পূৱ বাহঁজানী গাঁও পঞ্চায়তৰ অধিনৰ বালা– মুগকুছি
চ’কত ষ্ট্ৰীট লাইট আছে কিন্তু নজ্বলে । স্থাপন কৰাৰ পিচত দুদিনমান জ্বলিল যদিও বিগত প্ৰায় এবছৰ ধৰি জ্বলা নাই এই লাইট কেইটা । ফলত গোটেই নিশা সমগ্র চ’কটো তথা অঞ্চলবাসী ঘোৰ অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হৈছে ৷ লগতে অন্ধকাৰৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মূলত: ষ্ট্ৰীট লাইটসমূহ নজ্বলাৰ বাবেই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।ভূক্তভোগী ৰাইজে উক্ত বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিভাগক বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো পঞ্চায়তৰ নিজৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি এইপৰ্যন্ত লাইটকেইটা জ্বলোৱাৰ বাবে কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। দৈনিক অগ্ৰদূতৰ যোগেদি অনতিপলমে উক্ত লাইটসমূহ জ্বলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কামত অহা নাই ।

উল্লেখ্য যে বিগত সময়ত অঞ্চল টোত জনপ্ৰতিনিধি সকলে নিতৌ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰি আহিছে যদিও এই চমকে ৰাইজৰ উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷সভাই সমিতিয়ে ভাষণ দি ক্ষমতা দখল কৰা বিজেপি নেতাসকলে পঞ্চায়ত খনৰ গ্ৰাম্য বিশেষ একো উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ কিয়নো উন্নয়নৰ নামত কোটি কোটি টকা খৰছ কৰাৰ পিছতো গাওঁ কেইখনত নজ্বলে ষ্ট্ৰীট লাইট ৷ যাৰ ফলত প্ৰতিবাদ কৰিব লগাৰ দৰে হৈছে ৷ ষ্ট্ৰীট লাইট আছে যদিও পোহৰ হ’লে আজিলৈ দিব পৰা নাই ৷ লাইট দুটা স্থাপন কৰাৰ দুদিনমান পিচতে দূবৃৰ্ত্তই উঠাই নিয়ে বেটাৰি কেইটা যদিও তাৰ বিচাৰ খোচৰ হোৱা দেখা নহল পুলিচ প্ৰশাসনৰ এই অভিযোগ উঠিছে ৷ বৰ্তমান যাৰ ফলত বেলি ডুবাৰ পিছতে চৌদিশে চ’ কটোত অন্ধকাৰময় পৰিবেশৰ সৃষ্টি হয় ৷ সম্প্ৰতি, জনপ্ৰতিনিধি সকলে কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰা দেখা গৈছে ব্যৱসায়ী সকলে ৷ শীঘ্ৰে পোহৰৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ অঞ্চলটোৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৷

NewsDesk Report-GTM

You May Also Like

More From Author